আজি ভোগালী বিহু
ভোগ-ৰসৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা জাৰত আজি পুৱাই মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনালে প্ৰতিগৰাকী অসমীয়াই। অসমীয়া ৰাইজে মাঘ বিহুৰ দিনা কাহিলীপুৱাতেই মেজি জ্বলাই অগ্নি দেৱতাক সেৱা কৰে।
চাউল, তামোল-পাণ, মাহজাতীয় শস্য, ঘিউ আৰু পিঠাৰ নৈবদ্য দি সূৰ্য-দেৱতাক সেৱা জনোৱা হয়। মেজিৰ জুইয়ে সকলো অসূয়া-অশান্তি দহি সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰে প্ৰতিগৰাকী অসমীয়াই। লগতে মেজিৰ জুইত সকলো অপায়-অমংগল, দুখ-দুৰ্দশা নাশ কৰাৰ বাবে ৰাইজে জনালে প্ৰাৰ্থনা













