মাণিকপুৰৰ নগৰঝাৰৰ যুৱকক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ, হাপাচৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ যুৱকজনক

মাণিকপুৰৰ নগৰঝাৰৰ যুৱকক দুৰ্বৃত্তই হত্যাৰ চেষ্টাৰ ঘটনাৰ বাবে সৃষ্টি হৈছে চাঞ্চল্য। বঙাইগাঁও জিলাৰ হাপাচৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হয় নগৰঝাৰৰ যুৱক ছাইদুৰ ৰহমান। নিশা কোনো দুৰ্বৃত্তই হত্যাৰ চেষ্টা কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

যুৱকজনক অচেতন অৱস্থাত ৰাতিপুৱা ৰাইজে প্ৰত্যক্ষ কৰে। যুৱকজনৰ শৰীৰত আঘাতৰ চিহ্ন স্পষ্ট। পৰিয়ালৰ লোকে জনোৱা মতে, গৃহৰক্ষী জোৱান হোছেন আলী আৰু ওমৰ ফাৰুক নামৰ যুৱকৰ লগত বহু নিশা লৈকে একেলগে আছিল ছাইদুৰ ৰহমান। তিনিজনে নিশা একেলগে থাকি ৰাতিপুৱা মুমূৰ্ষু অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ছাইদুৰ ৰহমান উদ্ধাৰ হোৱা ঘটনাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

ছাইদুৰ ৰহমান উদ্ধাৰ হোৱা ঠাইত গৃহৰক্ষী জোৱান হোছেন আলীৰ মটৰ চাইকেল উদ্ধাৰ হোৱা ঘটনাই ৰহস্য ঘনীভূত কৰিছে। বৰ্তমান ছাইদুৰ ৰহমান বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে যদিও অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।