• Home
  • দেশ
  • পৱিত্ৰ ৰমজন্মভূমি অধ্যোধাৰ শ্ৰীৰাম মন্দিৰত কৰা হ’ল গেৰুৱা ধ্বজাৰোহণ
Image

পৱিত্ৰ ৰমজন্মভূমি অধ্যোধাৰ শ্ৰীৰাম মন্দিৰত কৰা হ’ল গেৰুৱা ধ্বজাৰোহণ

পৱিত্ৰ ৰমজন্মভূমি অধ্যোধাৰ শ্ৰীৰাম মন্দিৰত কৰা হ’ল গেৰুৱা ধ্বজাৰোহণ

প্ৰায় ৫০০ বছৰীয়া সংগ্ৰাম, ত্যাগৰ পিছত সনাতনীসকলৰ বাবে এক সংস্কৃতিক পুনৰ্জাগৰণ
অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ ওপৰত আজি ধ্বজা আৰোহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বিশেষ অনুষ্ঠানৰ বাবে অযোধ্যাত মোতায়েন কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিৰ বাবে সাজু কৰা হৈছে ৬৯৭০ নিৰাপত্তাৰক্ষীৰ নিৰাপত্তাৰক্ষীৰ কৰ্ডন।

এই অনুষ্ঠানৰ বাবে বৃহৎ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এ টি এছৰ বিশেষ কমাণ্ডো, এন এছ জিৰ স্নাইপাৰ, চাইবাৰ বিশেষজ্ঞ, কাৰিকৰী দল – মুঠ ৬,৯৭০ জন লোক উপস্থিত থাকিব।

ইয়াৰ উপৰিও মন্দিৰ চৌহদত থাকিব এণ্টি ড্ৰ’ন প্ৰযুক্তি, উন্নত নিৰীক্ষণ ব্যৱস্থা । লগতে থাকিব বিশেষ ইউনিট, বোমা স্কোয়াড আদি।

আজি পুৱা আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ স’তে ৰাম মন্দিৰত উপস্থিত হয় মোডী।

দুয়োজনে একেলগে ৰামলালাৰ আৰতি কৰে। তাৰ পাছত পুৱা ১১:৫০ বজাত আৰম্ভ হয় পতাকা উত্তোলন ।

তথ্য অনুসৰি,১০ ফুট ওখ আৰু ২০ ফুট দীঘলীয়া সোঁকোণীয়া ত্ৰিকোণীয় পতাকাখনত ভগৱান ৰামৰ গৌৰৱ আৰু শৌৰ্যৰ প্ৰতীক হিচাপে উদিত সূৰ্যৰ এক ছবি আছে, য’ত ‘ওঁম’ আৰু কাঞ্চন গছৰ ছবি অংকিত আছে ৷ এই ধ্বজাখন পৰম্পৰাগত নাগৰ স্থাপত্য শৈলীত তৈয়াৰ কৰা হৈছে ৷

Releated Posts

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা আজি বছৰৰ আটাইতকৈ দীঘলীয়া নিশা হ’ব, একেদৰে বছৰৰ আটাইতকৈ চুটি…

ByByMahesh MalakarDec 21, 2025

পুনৰ অশান্ত বাংলাদেশ

পুনৰ জ্বলিছে বাংলাদেশ ছাত্ৰ নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি অগ্নিগর্ভা বাংলাদেশ। অৰাজক বালাংদেশত পুনৰ উত্তেজনাময় পৰিৱেশ। ছাত্রনেতাৰ মৃত্যুক লৈ…

ByByMahesh MalakarDec 19, 2025

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ…

ByByMahesh MalakarDec 17, 2025

গুৱাহাটীত লীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম

আজি সন্ধিয়া গুৱাহাটীৰ গ্ৰীণউড ৰিজ’ৰ্টত প্ৰথমবাৰৰ বাবে একক লাইভ কনচার্ট কৰিব বলিউডৰ কণ্ঠশিল্পী চনু নিগমে । তেওঁ ‘‘দিৱানা…

ByByMahesh MalakarDec 14, 2025
Scroll to Top