• Home
  • দেশ
  • পৱিত্ৰ ৰমজন্মভূমি অধ্যোধাৰ শ্ৰীৰাম মন্দিৰত কৰা হ’ল গেৰুৱা ধ্বজাৰোহণ
Image

পৱিত্ৰ ৰমজন্মভূমি অধ্যোধাৰ শ্ৰীৰাম মন্দিৰত কৰা হ’ল গেৰুৱা ধ্বজাৰোহণ

পৱিত্ৰ ৰমজন্মভূমি অধ্যোধাৰ শ্ৰীৰাম মন্দিৰত কৰা হ’ল গেৰুৱা ধ্বজাৰোহণ

প্ৰায় ৫০০ বছৰীয়া সংগ্ৰাম, ত্যাগৰ পিছত সনাতনীসকলৰ বাবে এক সংস্কৃতিক পুনৰ্জাগৰণ
অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ ওপৰত আজি ধ্বজা আৰোহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বিশেষ অনুষ্ঠানৰ বাবে অযোধ্যাত মোতায়েন কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিৰ বাবে সাজু কৰা হৈছে ৬৯৭০ নিৰাপত্তাৰক্ষীৰ নিৰাপত্তাৰক্ষীৰ কৰ্ডন।

এই অনুষ্ঠানৰ বাবে বৃহৎ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এ টি এছৰ বিশেষ কমাণ্ডো, এন এছ জিৰ স্নাইপাৰ, চাইবাৰ বিশেষজ্ঞ, কাৰিকৰী দল – মুঠ ৬,৯৭০ জন লোক উপস্থিত থাকিব।

ইয়াৰ উপৰিও মন্দিৰ চৌহদত থাকিব এণ্টি ড্ৰ’ন প্ৰযুক্তি, উন্নত নিৰীক্ষণ ব্যৱস্থা । লগতে থাকিব বিশেষ ইউনিট, বোমা স্কোয়াড আদি।

আজি পুৱা আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ স’তে ৰাম মন্দিৰত উপস্থিত হয় মোডী।

দুয়োজনে একেলগে ৰামলালাৰ আৰতি কৰে। তাৰ পাছত পুৱা ১১:৫০ বজাত আৰম্ভ হয় পতাকা উত্তোলন ।

তথ্য অনুসৰি,১০ ফুট ওখ আৰু ২০ ফুট দীঘলীয়া সোঁকোণীয়া ত্ৰিকোণীয় পতাকাখনত ভগৱান ৰামৰ গৌৰৱ আৰু শৌৰ্যৰ প্ৰতীক হিচাপে উদিত সূৰ্যৰ এক ছবি আছে, য’ত ‘ওঁম’ আৰু কাঞ্চন গছৰ ছবি অংকিত আছে ৷ এই ধ্বজাখন পৰম্পৰাগত নাগৰ স্থাপত্য শৈলীত তৈয়াৰ কৰা হৈছে ৷

Releated Posts

জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান

জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান ৯২ বছৰ বয়সত মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ হৃদৰোগত আক্ৰান্ত হৈছিল আশা ভোছলে…

ByByMahesh Malakar Apr 12, 2026

মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবীৰৰ

মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবীৰৰ মুছলমানক বুৰ্বক বনাই বিজেপিৰ সৈতে মিত্ৰতা হুমায়ুন কবীৰৰ দেশৰ মুছলমানক জোকাৰি যোৱা খবৰ…

ByByMahesh Malakar Apr 11, 2026

বৰ্ষাপাৰাত ২৭ ৰানত জয়লাভ ৰিয়ান পৰাগ বাহিনীৰ

বৰ্ষাবিঘ্নিত মেচত ৰাজস্থান ৰয়েলছৰ হাতত ২৭ ৰানত পৰাস্ত হয় হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি ৩ উইকেটত…

ByByMahesh Malakar Apr 8, 2026

এতিয়াৰে পৰা সদনত ভাষণ দিব নোৱাৰিব ৰাঘৱ চাদ্দাই

এতিয়াৰে পৰা সদনত ভাষণ দিব নোৱাৰিব ৰাঘৱ চাদ্দাই ‘মোক মৌন কৰোৱা হৈছে’ ‘সদনত ভাষণ দিয়া বন্ধ কৰা হৈছে’…

ByByMahesh Malakar Apr 3, 2026
Scroll to Top