• Home
  • অসম
  • ন ৰূপত জিলিকিল লুইতৰ পাৰ
Image

ন ৰূপত জিলিকিল লুইতৰ পাৰ

বয়োজ্যেষ্ঠ আৰু শিশুৰ লগত অহা মাতৃৰ প্ৰৱেশ বিনামূলীয়া

ন ৰূপত জিলিকিল লুইতৰ পাৰ

শুক্ৰবাৰে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান মুকলি কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। মুকলি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰে কাছাৰীঘাটৰ গুৱাহাটী প্ৰৱেশদ্বাৰ। উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী প্ৰৱেশদ্বাৰ নদী পৰিবহণ ব্যৱস্থাত এক নৱতম সংযোজন। ১০০জনকৈ যাত্ৰী কঢ়িওৱা ৪খন জাহাজ ৰখাব পৰা যাব এই প্ৰৱেশদ্বাৰত।

এতিয়া ন ৰূপত জিলিকিল লুইতৰ পাৰ। কাছাৰীঘাটৰ গুৱাহাটী প্ৰৱেশদ্বাৰৰ নান্দনিক দৃশ্য উপভোগ কৰিব পাৰিব আপুনিও।

ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি মাকে সন্তানক লৈ আহে তেন্তে প্ৰৱেশ বিনামূলীয়া হ’ব ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। আনহাতে প্ৰাতঃভ্ৰমণৰ বাবে অহা জ্যেষ্ঠ নাগৰিকৰ বাবেও বিনামূলীয়া প্ৰৱেশ হ’ব ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। লগতে ব’হাগলৈকে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত লোৱা নহয় প্ৰৱেশ মাচুল। আমি টকাৰ বাবে নহয়, মহানগৰবাসীৰ বাবে এই উদ্যান মুকলি কৰিছো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Releated Posts

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰা বুলি উল্লেখ…

ByByMahesh Malakar Apr 12, 2026

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top