• Home
  • অসম
  • ন ৰূপত জিলিকিল লুইতৰ পাৰ
Image

ন ৰূপত জিলিকিল লুইতৰ পাৰ

বয়োজ্যেষ্ঠ আৰু শিশুৰ লগত অহা মাতৃৰ প্ৰৱেশ বিনামূলীয়া

ন ৰূপত জিলিকিল লুইতৰ পাৰ

শুক্ৰবাৰে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান মুকলি কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। মুকলি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰে কাছাৰীঘাটৰ গুৱাহাটী প্ৰৱেশদ্বাৰ। উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী প্ৰৱেশদ্বাৰ নদী পৰিবহণ ব্যৱস্থাত এক নৱতম সংযোজন। ১০০জনকৈ যাত্ৰী কঢ়িওৱা ৪খন জাহাজ ৰখাব পৰা যাব এই প্ৰৱেশদ্বাৰত।

এতিয়া ন ৰূপত জিলিকিল লুইতৰ পাৰ। কাছাৰীঘাটৰ গুৱাহাটী প্ৰৱেশদ্বাৰৰ নান্দনিক দৃশ্য উপভোগ কৰিব পাৰিব আপুনিও।

ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি মাকে সন্তানক লৈ আহে তেন্তে প্ৰৱেশ বিনামূলীয়া হ’ব ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। আনহাতে প্ৰাতঃভ্ৰমণৰ বাবে অহা জ্যেষ্ঠ নাগৰিকৰ বাবেও বিনামূলীয়া প্ৰৱেশ হ’ব ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। লগতে ব’হাগলৈকে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত লোৱা নহয় প্ৰৱেশ মাচুল। আমি টকাৰ বাবে নহয়, মহানগৰবাসীৰ বাবে এই উদ্যান মুকলি কৰিছো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top