বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰত ভয়ংকৰ মাৰপিটৰ ঘটনা

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰত ভয়ংকৰ মাৰপিটৰ ঘটনা সংগঘটিত হয়। এই ভয়ংকৰ মাৰপিটৰ ঘটন সংঘটিত কৰা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা নোলোৱাত ক্ষোভ প্ৰকাশ কৰে।

যোৱা ২৪ তাৰিখে পুৱা ৮:১০ বজাত ৫ হাজাৰ টকাক লৈ মোনোৱাৰ হোছেইনৰ নেতৃত্বত এই ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। মাৰপিটত ক্ষান্ত নাথাকি মহিলাৰ লগতে এগৰাকী কিশোৰীক শাৰীৰিকভাৱে অকথ্য নিৰ্যাতন চলায় আৰু দুয়োৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত কিশোৰীসহ চাৰিজনকৈ লোকে গুৰুতৰভাৱে আহত হোৱাৰ পিছতো দলটোৱে ক্ষান্ত নাথাকি হত্যাৰ চেষ্টা চলায় আৰু স্থানীয় লোকে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত লৈ যায়।

ঘটনা সংক্ৰান্তত মেৰেৰচৰ আৰক্ষী থানাত মোনোৱাৰ হোছেইন, প্ৰাক্তন পঞ্চায়ত সভাপতি আব্দুল হালিম, মফিদুল ইছলাম, ছফিকুল ইছলাম, মাহমুদ ইছলাম, আজিবৰ ৰহমান, মুক্তাৰ হুছেইন আৰু আব্দুল বাৰেকৰ নামত এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে মেৰেৰচৰ আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বুলি ভুক্তভোগী পৰিয়ালে সাংবাদিকৰ আগত মন্তব্য কৰে।

উদ্বোতম কতৃপক্ষক বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে অসহায় পৰিয়ালটোৱে।