বিহালীৰ নাচবৰত শিক্ষয়িত্ৰীৰ আত্মহনন কৰা ঘটনা। লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে কৰিলে আত্মহত্যা।
বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ৰ চুইচাইড নোট উদ্ধাৰ কৰা হয়। চুইচাইড নোটত বিহালী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাস, লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন দাসৰ নাম উল্লেখ আছে।
বিহালীত শিক্ষা বিষয়াৰ নিৰ্যাতন সহিব নোৱাৰি স্ব-গৃহতে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’লে মায়া দেৱী উপাধ্যায় নামৰ এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে৷ অভিযোগ মতে, দীৰ্ঘদিনৰে পৰা বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ক বিহালীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসে বিদ্যালয়ৰ বিভিন্ন বিষয়কলৈ মানসিকভাৱে অকথ্য নিৰ্যাতন চলাই আহিছিল৷ তদুপৰি, শিক্ষা বিষয়া মিলন দাসে শিক্ষয়িত্ৰীগৰাকীৰ জুন মাহৰ দৰমহা পৰ্যন্ত বন্ধ ৰাখিছিল বুলি অভিযোগ উত্থাপিত হৈছে৷
জানিব পৰা মতে, বিহালীৰ নাচবৰ নিবাসী লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ে মৃত্যুৰ পূৰ্বে এক চুইচাইড নোট লিখি থৈ গৈছে৷ চুইচাইড নোটত বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মিলন দাস আৰু লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন দাসে মহিলা শিক্ষয়িত্ৰীগৰাকীক মানসিকভাৱে অত্যাচাৰ চলোৱা বুলি লিখিতভাৱে উল্লেখ কৰিছে৷
বিহালী প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসৰ অত্যাধিক মানসিক নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ৰ চুইচাইড নোটত উল্লেখ আছে যে—
”বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া (BEEO) চাৰৰ অত্যাচাৰ আৰু অফিচৰ মানুহৰ পৰা লজ্জিত হৈ মোৰ মানসিক ভাৰাসাম্য হেৰাই মই নিজে আত্মহত্যাৰ পথ বাচি ল’লোঁ৷”
“বিদ্যালয়ৰ ফাণ্ডৰ টকা ব্ৰজেন কুমাৰ দাসে নিজ বেংক একাউন্ট নম্বৰত ভৰাই আৰু ফোন নম্বৰ দি গোটেই খেলিমেলি কৰি মোক ফচাবলৈ কথা লগাই ফুৰাত লজ্জিত হৈছোঁ৷ এম ডি এমৰ টকা উলিয়াই পকেটত ভৰাইছে৷”
উল্লেখযোগ্য যে, আত্মহত্যা কৰা বিহালীৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ বিহালীৰ নাছবৰত৷ থান বিহালী গাঁৱৰ লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছিল মায়া দেৱী৷ আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।