• Home
  • দুৰ্ঘটনা
  • কূটাঘাত নে দুৰ্ঘটনা! কাশ্মীৰৰ নৌগাম থানা চৌহদত ভয়ংকৰ বিস্ফোৰণ
Image

কূটাঘাত নে দুৰ্ঘটনা! কাশ্মীৰৰ নৌগাম থানা চৌহদত ভয়ংকৰ বিস্ফোৰণ

এক শক্তিশালী বিস্ফোৰণে কঁপাই তুলিলে কাশ্মীৰক। কাশ্মীৰৰ নৌগাম থানা চৌহদত সংঘটিত শক্তিশালী বিস্ফোৰণত এতিয়ালৈকে ৯ জন লোক নিহত হোৱাৰ লগতে আন বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে গভীৰ নিশা আন এক প্ৰবল বিস্ফোৰণত কঁপি উঠিল জম্মু–কাশ্মীৰ। উপত্যকাটোৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰৰ নৌগাম থানাৰ চৌহদত যোৱা নিশা সংঘটিত হয় এক ভয়ানক বিস্ফোৰণ।

সূত্ৰ অনুসৰি, ফৰিদাবাদত জব্দ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকা অৱস্থাত আকস্মিকভাৱে এই বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ ফলস্বৰূপে ৯ জন আৰক্ষী নিহত হয়। ইপিনে কাশ্মীৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই এই ঘটনাৰ সৈতে সন্ত্ৰাসবাদীৰ কোনো হাত নাই বুলি প্ৰকাশ কৰিছে।

এয়া এক দুৰ্ঘটনা বুলিহে আৰক্ষীয়ে কৈছে। এই বিস্ফোৰণত আৰক্ষী আৰু সাধাৰণ লোকসহ ২৭ জন ব্যক্তি আহত হৈছে। ঘটনা সংঘটিত হোৱাৰ পিছতে আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।শেহতীয়াকৈ সন্ত্ৰাসবাদী মডিউলৰ গোচৰৰ সৈতে জড়িত হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণত আহতসকলৰ ভিতৰত অধিকাংশই আৰক্ষী আৰু ফৰেনছিক বিষয়া বুলি তেওঁলোকে সদৰী কৰিছে। বিস্ফোৰণস্থলীৰ পৰা ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে

Releated Posts

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা আজি বছৰৰ আটাইতকৈ দীঘলীয়া নিশা হ’ব, একেদৰে বছৰৰ আটাইতকৈ চুটি…

ByByMahesh MalakarDec 21, 2025

কামপুৰত ৰেলৰ খুন্দাত আহত দুদিনীয়া হাতী পোৱালিৰ মৃ*ত্যু

কামপুৰত ৰেলৰ খুন্দাত আহত দুদিনীয়া হাতী পোৱালিৰ মৃ*ত্যু বৃদ্ধি হ’ল কামপুৰত ৰেলৰ খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা ৷কাজিৰঙাৰ…

ByByMahesh MalakarDec 21, 2025

পুনৰ অশান্ত বাংলাদেশ

পুনৰ জ্বলিছে বাংলাদেশ ছাত্ৰ নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি অগ্নিগর্ভা বাংলাদেশ। অৰাজক বালাংদেশত পুনৰ উত্তেজনাময় পৰিৱেশ। ছাত্রনেতাৰ মৃত্যুক লৈ…

ByByMahesh MalakarDec 19, 2025

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ…

ByByMahesh MalakarDec 17, 2025
Scroll to Top