কেইবাটাও কাৰ্যসূচীৰে কোকৰাঝাৰ জিলালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী । সেই উদ্দেশ্যে বৃহস্পতিবাৰে নলবাৰীত এক প্ৰস্তুতি পৰ্বৰ বৈঠকৰ আয়োজন কৰা হয় ।প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ লক্ষ্যৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, সকলো এম চি এল এ, মন্ত্ৰী চৰণ বড়ো , জয়ন্ত মল্লবৰুৱা নলবাৰীৰ কনভেনচন চেণ্টাৰত মিলিত হয় । সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, “অহা ১৩ মাৰ্চত কোকৰাঝাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব । কোকৰাঝাৰ বুলিতো বেলেগ ঠাই নহয়, অসমৰেই হয় । অসমৰ ৰাইজক ভাল এটা মেছেজ দিবলৈ তেওঁ আহিব । তাৰবাবে প্ৰস্তুতি সন্দৰ্ভত আজি এনেদৰে আলোচনা কৰা হয় ।”মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় , “১৩ মাৰ্চ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কোকৰাঝাৰলৈ আহি বহুকেইটা প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে এখন বিশাল জনসভাতও সম্বোধন কৰিব ।

১৩ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Tags:
Releated Posts
জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু
জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু উৰুঙা ব’হাগৰ বিহু মঞ্চ আজি জুবিন দাৰ অনুষ্ঠান কত বুলি কবলৈ আমাৰ…
আজি গৰু বিহু
অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকোতাতোকৈ চেনেহৰ বহাগৰ বিহুটিনাপাতি কেনেকৈ থাকো আজি গৰু বিহু। পুৱাই নৈ-জান-জুৰিত গৰুক…
কাইলৈ গৰু বিহু
কাইলৈ গৰু বিহু বিভিন্ন প্ৰান্তৰ বজাৰত উভৈনদী দীঘলতি-মাখিয়তি গৰুক নোৱাই-ধুৱাই ন-পঘাৰে বান্ধি পৰম্পৰা ৰক্ষাৰ বাবে চহা অসমীয়াৰ মাজত…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকিৰ মাতৃ সুজাতা…












