দেওবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ফোনত বাৰ্তালাপ কৰে ৷ তেওঁ সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুদ্ধৰ আগতীয়াকৈ অন্ত পেলাবলৈ আহ্বান জনায় ।প্ৰধানমন্ত্ৰী মোদীয়ে মধ্যপ্ৰাচ্যৰ শেহতীয়া পৰিঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি অঞ্চলটোত উত্তেজনা হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰে হোৱা কথা-বতৰা এক্সত ভাগ-বতৰা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ফোনত কথা পাতি অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিলোঁ ৷ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত ভাৰতৰ উদ্বেগ প্ৰকাশ কৰিলোঁ আৰু সাধাৰণ নাগৰিকৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিলোঁ ৷ ভাৰতে যুদ্ধৰ আগতীয়া অন্ত পেলোৱাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰিছে ৷”বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়া পৰিঘটনাক লৈ ভাৰতৰ উদ্বেগ প্ৰকাশ কৰি নাগৰিকৰ সুৰক্ষাক অগ্ৰাধিকাৰ অনুৰোধ জনায় ।

ইজৰাইল প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মোদীৰ
Releated Posts
পঞ্চভূতত বিলীন কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে
পঞ্চভূতত বিলীন কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে ৯২ বছৰ বয়সত মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ হৃদৰোগত আক্ৰান্ত হৈছিল আশা…
পৱন খেড়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ
পৱন খেড়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ তেলেংগানা উচ্চ ন্যায়ালয়ে দিয়া অগ্ৰিম জামিনৰ বিৰুদ্ধে আবেদন তেলেংগানা উচ্চ…
জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান
জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান ৯২ বছৰ বয়সত মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ হৃদৰোগত আক্ৰান্ত হৈছিল আশা ভোছলে…
মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবীৰৰ
মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবীৰৰ মুছলমানক বুৰ্বক বনাই বিজেপিৰ সৈতে মিত্ৰতা হুমায়ুন কবীৰৰ দেশৰ মুছলমানক জোকাৰি যোৱা খবৰ…














