Image

ডুবাইত আৱদ্ধ ভাৰতীয় বেডমিণ্টন তাৰকা পিভি সিন্ধু

মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা এক ভয়াবহ যুদ্ধ সদৃশ পৰিস্থিতিয়ে এতিয়া ক্ৰীড়া বিশ্বতো ব্যাপক প্ৰভাৱ পেলাইছে। বিশেষকৈ ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পিভি সিন্ধু বৰ্তমান ডুবাইত এক চৰম বিপদৰ মাজত আবদ্ধ হৈ পৰিছে। আগন্তুক ৩ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া বিখ্যাত অল ইংলেণ্ড অ’পেনত অংশগ্ৰহণ কৰিবলৈ তেওঁ ডুবাই হৈ বাৰ্মিংহামলৈ যাব বিচাৰিছিল। কিন্তু তেওঁ ডুবাইত উপস্থিত হোৱাৰ পাছতেই সমগ্ৰ পৰিস্থিতি সলনি হৈ পৰে। ইৰাণ আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা এই সংঘাতৰ বাবে এতিয়া ডুবাইৰ লগতে সমগ্ৰ মধ্যপ্ৰাচ্যৰ আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত সিন্ধুৱে ধৰিবলগীয়া বাৰ্মিংহাম অভিমুখী বিমানখন বাতিল কৰা হৈছে।সিন্ধুৱে নিজেই ডুবাই বিমানবন্দৰৰ পৰা এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে য’ত তেওঁ জনাইছে যে পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো বিমান স্থগিত ৰখা হৈছে। তেওঁৰ এই পোষ্টটো দেখি তেওঁৰ অনুৰাগীসকল যথেষ্ট চিন্তিত হৈ পৰিছে। সকলোৱে খেলুৱৈগৰাকীৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনাইছে। বাৰ্মিংহামত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে তেওঁৰ প্ৰস্তুতিত এতিয়া এক ডাঙৰ বাধা আহি পৰিছে। কেৱল সিন্ধুৱেই নহয়, ভাৰতীয় বাস্কেটবল দলটোও বৰ্তমান দোহাত আৱদ্ধ হৈ আছে। বাস্কেটবল বিশ্বকাপৰ কোৱালিফায়াৰ খেলিবলৈ যোৱা দলটোৱে বৰ্তমান তীব্ৰ অনিশ্চয়তাৰ মাজেৰে দিন পাৰ কৰিছে। আনহাতে বাংলাদেশৰ ক্ৰিকেটাৰ মুছফিকুৰ ৰহিমো মক্কাৰ পৰা হজ কৰি উভতি অহাৰ পথত এই পৰিস্থিতিৰ বাবে সমস্যাত পৰিছে।

Releated Posts

ইৰাণ-আমেৰিকাৰ বাৰ্তালাপ বিফল

ইৰাণ-আমেৰিকাৰ বাৰ্তালাপ বিফল আমেৰিকাৰ এটাও চৰ্ত মানি নল’লে ইৰাণে অমীমাংসিত হৈ ৰ’ল ইৰাণ-আমেৰিকাৰ বাৰ্তালাপ ইছলামাবাদৰ পৰা নাহিল ভাল…

ByByMahesh Malakar Apr 12, 2026

১০ দিনীয়া চন্দ্ৰ অভিযান সামৰি পৃথিৱীত অৱতৰণ আৰ্টেমিছ ২-ৰ

ভাৰতীয় সময় অনুসৰি শনিবাৰে পুৱা ১০ দিনীয়া ঐতিহাসিক চন্দ্ৰ অভিযান সমাপ্ত কৰি আৰ্টেমিছ ২-ৰ মহাকাশচাৰীসকল পৃথিৱীলৈ ঘূৰি আহে।…

ByByMahesh Malakar Apr 11, 2026

নিজৰ দেশতে প্ৰতিবাদৰ সন্মুখীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

নিজৰ দেশতে প্ৰতিবাদৰ সন্মুখীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ চহৰসমূহত ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ চলি আছে। আমেৰিকাৰ ৫০খনকৈ…

ByByMahesh Malakar Mar 29, 2026

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীৰ মৃত্য়ু

ইৰাণত ৪০ দিনৰ শোক ঘোষণা, যুদ্ধত শিক্ষাৰ্থীসহ ২০০ৰো অধিক মৃত্য়ু ।জৰাইল আৰু আমেৰিকাই চলোৱা এক বৃহৎ আক্ৰমণত ইৰাণৰ…

ByByMahesh Malakar Mar 1, 2026
Scroll to Top