বুধবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নেদাৰলেণ্ডৰ বিৰুদ্ধে লীগৰ অন্তিমখন মেচত অৱতীৰ্ণ হৈছে ভাৰতীয় দলটো । টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লৈ ২০ অভাৰত ৬ উইকেট হেৰুৱাই ১৯৩ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ বিপৰীতে নেদাৰলেণ্ডে ৭ উইকেটত ১৭৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ভাৰত গ্ৰুপ এৰ শীৰ্ষস্থান দখল কৰি চাৰিখন খেলৰ ভিতৰত চাৰিখন খেলত জয়লাভ কৰে ।ভাৰতৰ হৈ শিৱম ডুবেই ৩১টা বলত ৪টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৬৬ ৰাণ সংগ্ৰহ কৰে । সূৰ্যকুমাৰ যাদৱে ২৮টা বলত ৩৪ ৰাণ সংগ্ৰহ কৰে । তিলক বাৰ্মাই ২৭টা বলত ৩১ ৰাণ সংগ্ৰহ কৰে । হাৰ্দিক পাণ্ডিয়াই ২১টা বলত ৩০ ৰাণ সংগ্ৰহ কৰে । ৭টা বলত ১৮ ৰাণ সংগ্ৰহ কৰে ঈশান কিষাণে । আনহাতে ৬ ৰাণত অপৰাজিত হৈ থাকে ৰিংকু সিং । নেদাৰলেণ্ডৰ হৈ লগাণ ভান বিকে ৩টা, আৰিয়ান দত্তই ২টা, আৰু কাইল ক্লেইনে ১টা উইকেট দখল কৰে ।উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ যাত্ৰা সামৰণি পৰিছে নেদাৰলেণ্ডৰ ।নেদাৰলেণ্ডে প্ৰতিযোগিতাখনত একমাত্ৰ নামিবিয়াৰ বিৰুদ্ধে জয়লাভ কৰিছিল ।

নেদাৰলেণ্ডক ১৭ ৰাণত পৰাস্ত কৰিলে ভাৰতে
Releated Posts
USTM-ত ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬
প্ৰেছ বিজ্ঞপ্তিUSTM-ত ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬ Ri-Bhoi, Meghalaya|06 February 2026: USTM-…
বিবাহ বাতিল স্মৃতি মান্ধনাৰ
বিবাহ বাতিল স্মৃতি মান্ধনাৰ। মহিলা ক্ৰিকেটা স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল। এই কথা জনালে…
বিশ্ব জয় কৰি অসম পালেহি অসম কন্যা চিমু দাস
বিশ্ব জয় কৰি অসম পালেহি অসম কন্যা চিমু দাস অসম পালেহি বিশ্বজয়ী অসম কন্যা চিমু দাস। দৃষ্টিহীন মহিলা…
আজি বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ দ্বিতীয়টো দিন
আজি বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ দ্বিতীয়টো দিন। পুৱা ৯ বজাৰ পৰা আৰম্ভ দ্বিতীয় দিনৰ খেল। ২৪৭ ৰানৰ…













