‘মই অকলশৰীয়া মানুহ.. ভয়ত থাকো.. মোক গুৰুত্ব নিদিয়ে.. মই ক’তো সুৰক্ষা পোৱা নাই…’
ছয়গাঁৱৰ মাজপাৰাত ভূমি ক্ৰয়-বিক্ৰয়ৰ নামত বিধৱা মহিলাক নিৰ্যাতনৰ লগতে ভয় ভাবুকি প্ৰদানৰ অভিযোগ।
পূৰ্ণিমা নাথ নামৰ এই বিধৱা মহিলা গৰাকীক পেচাত শিক্ষক আলাউদ্দিন শ্বেখ নামৰ ব্যক্তিগৰাকীয়ে দীৰ্ঘদিনৰ পৰা ভূমিকেন্দ্ৰিক কথা বতৰাক লৈ বিভিন্ন ধৰণে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে।
ঘটনাক্ৰমক লৈ ভয়-শংকাত কেমেৰাৰ সন্মুখত হুক-হুকাই কান্দি উঠিল মহিলা গৰাকীৰ মাতৃ।
অভিযোগ অনুসৰি ২০২১ চনত পূৰ্ণিমা নাথৰ পৰিয়ালৰ নামত থকা ছয়গাঁও মাজপাৰাৰ এই মাটিখিনি বিশেষ অসুবিধাৰ হেতু বিক্ৰীৰ যো-জা কৰে আৰু আলাউদ্দিন শ্বেখ নামৰ লোকজনে মাটিখিনি কিনাৰ বন্দবস্ত হয়। পূৰ্ণিমা নাথৰ পৰিয়ালে পাব লগা মুঠ টকাৰ বিপৰীতে আলাউদ্দিনে পৰিয়ালটোক প্ৰায় ৪৫% ধন দিয়ে। কিন্তু পৰৱৰ্তীকালত অনাদায় সমস্ত ধন দিব নোৱাৰি মাটি ক্ৰয় নকৰোঁ বুলি কৈ মাটিৰ গৰাকীৰ পৰা আগ টকাতো আলাউদ্দিনে উভতাই বিচাৰে আৰু সমগ্ৰ ধনখিনি নাথ পৰিয়ালে আলাউদ্দিনক উভতাই দিয়ে।
কিন্ত টকা উভতাই দিয়াৰ পিছতো এতিয়া আকৌ মহিলাগৰাকীৰ ঘৰত আহি আলাউদ্দিন নামৰ ব্যক্তিজনে একাংশক লগত লৈ ধন বিচাৰি ভয়-ভাবুকি প্ৰদানৰ লগতে মহিলা গৰাকীক অশ্লীল ইংগিত প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে।
মহিলাগৰাকীয়ে ন্যায় বিচাৰি আৰক্ষী-প্ৰশাসনৰ কাষ চাপিছে যদিও এতিয়ালৈ ন্যায় লাভ নকৰাৰ ভয় শংকাৰে দিন অতিবাহিত কৰিছে আৰু শীঘ্ৰেই আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।