• Home
  • অপৰাধনামা
  • অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা চাৰি বাংলাদেশী যুৱতীক গোলকগঞ্জত বিতাৰণ
Image

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা চাৰি বাংলাদেশী যুৱতীক গোলকগঞ্জত বিতাৰণ

ভাৰত- বাংলাদেশ সীমান্তৱৰ্তী গোলোকগঞ্জ সহ আন আন সীমান্তৰ সুৰক্ষাৰ দায়িত্ব থকা বিএছএফ দায়িত্বহীনতাৰ বাবে সীমান্তৰ সিপাৰৰ পৰা জাকে জাকে বাংলাদেশী ভাৰতত প্ৰৱেশ কৰি থকা ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে ৷

শেহতীয়াকৈ দালালৰ জৰিয়তে ডেৰ লাখ টকাৰ বিনিময়ত বাংলাদেশ সীমান্ত পাৰ ভাৰত ভূমিত প্ৰৱেশ কৰিছিল চাৰি যুৱতীয়ে ৷ কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বাংলাদেশৰ পৰা ভাৰতত প্ৰবেশ কৰা যুৱতী চাৰি গৰাকীয়ে অসম হৈ ৰেলেৰে বহি:ৰাজ্য লৈ যাওঁতে বঙাইগাঁও ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীৰ হাতত ধৰা পৰে।

আৰক্ষীৰ জালত পৰা চাৰি বাংলাদেশী যুৱতী ক্ৰমে বাংলাদেশৰ মাদাৰীপুৰ জিলাৰ শৰিয়তপুৰ গাঁৱৰ ছুমাইয়া আখতাৰ তাসমিয়া, পাবনা জিলাৰ মালিগাচাৰ গাঁৱৰ সুহানা খাতুন আখি, গাজিপুৰ জিলাৰ বালিগাঁৱৰ আবিদা চৌধুৰী মিস্টি আবিদা আৰু নেত্ৰকনা জিলাৰ বাইপাৰা ৰানিখং গাঁৱৰ মিষ্টি শিৰিনা আখতাৰ ফাৰিয়াক অৱশেষত সীমান্ত আৰক্ষীয়ে আজি গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰে হস্তান্তৰ কৰে বিজিপিক ৷

উল্লেখ্য যে আটাই কেইগৰাকী বাংলাদেশী যুৱতীক দুষ্টচক্ৰই অনৈতিক কামত ব্যৱহাৰ কৰাবলৈ ভাৰতলৈ অবৈধ ভাৱে প্ৰবেশ কৰোৱা বুলি সন্দেহ কৰা হৈছে ৷

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top