• Home
  • অসম
  • ‘ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ৰাজনৈতিক আহিলা হিচাপে প্ৰত্যেকটো ৰাজনৈতিক দলে ব্যৱহাৰ কৰিছে’
Image

‘ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ৰাজনৈতিক আহিলা হিচাপে প্ৰত্যেকটো ৰাজনৈতিক দলে ব্যৱহাৰ কৰিছে’

আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ বিশ্বনাথ শাখাৰ আতিথ্যত আৰু বিহালী, নদুৱাৰ, গহপুৰ শাখাৰ সহযোগত বিশ্বনাথ জিলা নৱ-গঠিত সমিতিখনৰ শপত গ্ৰহণ আৰু বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় বিশ্বনাথ চাৰিআলি পৌৰসভা প্ৰেক্ষাগৃহত।

প্ৰথম কাৰ্যসূচী হিচাপে সাংগঠনিক পতাকা উত্তোলন কৰে আটছাৰ বিশ্বনাথ জিলাৰ সভাপতি মহেশ ছত্ৰীয়ে। শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে সাধাৰণ সম্পাদক নীলোৎপল ৰবিদাসে।

ইয়াৰ পাছতেই অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাঃ সম্পাদক অনন্ত সোনা, সুনীল তিৰ্কী, সাংগঠনিক সম্পাদক ঐবন তাঁতী, প্ৰচাৰ সম্পাদক মিন্টু ভূমিজ, কাৰ্যকৰী সদস্যৰ লগতে প্ৰাক্তন আটছা নেতা, উপদেষ্টা ধীৰাজ তাঁতীৰ উপৰিও জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, গোৰ্খা ছাত্ৰ সন্থাৰ উপ-সভাপতি দিলীপ গজুৰেল, অসম সেনাৰ নীহাৰ শইকীয়া আদিৰ লগতে জিলা বহুকেইটা আঞ্চলিকৰ সদস্য।

আনহাতে, এই অনুষ্ঠানত শপত বাক্য পাঠ আৰু দায়িত্বভাৰ গ্ৰহণ কৰি বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক নীলোৎপল ৰবিদাসে এইদৰে কয়, ‘অসমীয়া সমাজ ব্যৱস্থা উন্নয়ন চাহ জনগোষ্ঠীৰ উন্নয়ন অবিহনে সম্ভৱ নহয়। ১৯৪৭ চনৰ ২৮ ডিচেম্বৰৰ পৰা বহু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আহি আজি আমি এই পৰ্যায় পাইছোহি। আৰু আমি আমাৰ এই জনগোষ্ঠীৰ হকে বৃহত্তৰ স্বাৰ্থৰ বাবে কাম কৰি আহিছো…’

ইফালে জনজাতি কৰণৰ ক্ষেত্ৰতটো এইদৰে কয়, ‘ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ৰাজনৈতিক আহিলা হিচাপে প্ৰত্যেকটো ৰাজনৈতিক দলে ব্যৱহাৰ কৰিছে।’

অন্যফালে, আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ‘জনজাতি কৰণৰ দাবীত তিনিচুকীয়া, ডিব্ৰুগড়কে ধৰি সমগ্ৰ ৰাজ্যত তীব্ৰ আন্দোলন’ৰ হুংকাৰ প্ৰদান কৰে।

Releated Posts

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম ১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক…

ByByMahesh Malakar Mar 17, 2026

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি…

ByByMahesh Malakar Mar 17, 2026

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া। প্ৰাঞ্জল শইকীয়া, বিৰেণ সিংহ, সুদৰ্শন ঠাকুৰ,…

ByByMahesh Malakar Mar 17, 2026

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা অসমত আজিৰে পৰা বলৱৎ হ’ব নিৰ্বাচনী আচৰণ বিধি নিয়ম উলংঘা কৰিলেই…

ByByMahesh Malakar Mar 16, 2026
Scroll to Top