আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে নেকি নূপুৰ বৰাই:জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে
আয় বহিভূত সম্পত্তি গোচৰত কাৰাৰুদ্ধ হৈ থকা এচিএছ বিষয়া নূপুৰ বৰাই মঙলবাৰে জামিন লাভ কৰে ৷ জামিন মঞ্জুৰ কৰে বিশেষ ন্যায়াধীশৰ আদালততে ৷ গ্ৰেপ্তাৰৰৰ ৫৬ দিনৰ ভিতৰতে নূপুৰ বৰাই জামিন লাভ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আদালতত বৰাৰ হৈ যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে ৷কেনেকৈ জামিন লাভ কৰিলে নূপুৰ বৰাই ৷ এই সন্দৰ্ভত কেতবোৰ প্ৰশ্ন সকলোকে হতচকিত কৰি তুলিছে ৷
আদালতত বৰাৰ হৈ যুক্তি দৰ্শোৱা জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কয়,নূপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল নিশা ৮ বজাত ৷ কিন্ত বিএনএছএছৰ ধাৰা মতে নিশাভাগত কোনো মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ হ’লে প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ অনুমতি লোৱাটো
অনথ্যা সংবিধানৰ ধাৰা ২১ উলংঘা হয় ৷
নূপুৰ বৰাক নিশা গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ লোৱা নাছিল অনুমতি। যাৰবাবে অতি সহজেই আদালতত জামিন লাভ কৰিবলৈ সক্ষম হয় নূপুৰ বৰা ৷
উল্লেখ্য যে,নূপুৰ বৰাৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল নগদ ১ কোটি ৪৭ লাখ টকা












