ৰঙিয়াত নৃশংস হত্যাকাণ্ড, পলাতক পত্নী হত্যাকাৰী স্বামী

ৰঙিয়াত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। পলাতক অৱস্থাত আছে পত্নী হত্যাকাৰী স্বামী।

ৰঙিয়া নগৰৰ ৩ নং ৱাৰ্ডৰ মুৰাৰাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। ৰে’ল বিভাগৰ কেন্দুকোনা ষ্টেচনৰ ষ্টেচন মাষ্টাৰ ৰাহুল কুমাৰ সিঙে বুধবাৰে মাজনিশা পত্নী অঞ্জলি সিঙক দুয়োটা সন্তানৰ সন্মুখতে হানি-খুঁচি হত্যা কৰে।

সন্তানৰ চিঞৰ শুনি ঘৰৰ গৰাকী উপস্থিত হয়। আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

ৰাহুলে বন্ধ গেটৰ ওপৰেৰে পলাই যাবলৈ সক্ষম হয়। হত্যাকাণ্ডটোৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ৰাহুলৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰাখিছে।