• Home
  • অসম
  • অসমত আজিৰে পৰা আৰম্ভ বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’
Image

অসমত আজিৰে পৰা আৰম্ভ বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’

ঢেকীয়াজুলিৰ পৰা ৰঙাপাৰালৈ আৰম্ভ হল ‘জন আশীৰ্বাদ যাত্ৰা’ ।অসমত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত বিজেপিয়ে শোণিতপুৰ জিলাৰ পৰা আৰম্ভ কৰিছে ‘জন আশীৰ্বাদ যাত্ৰা’ । বিজেপিৰ এই ৰাজনৈতিক যাত্ৰাই জিলাখনৰ বিভিন্ন অঞ্চলত ব্যাপক উৎসাহ-উদ্দীপনা সৃষ্টি কৰে। এই যাত্ৰাত ৰাজ্য়ৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য়িক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্য়িক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেবিনেট মন্ত্ৰী অশোক সিংহল সমন্বিতে একাধিক নেতা কৰ্মীয়ে যোগদান কৰে ।এই জন আশীৰ্বাদ যাত্ৰাই ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰা এই পাঁচটা সমষ্টিৰ কেবাটাও অঞ্চলত উপস্থিত হৈ জনসাধাৰণৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰিব ৷৯ মাৰ্চলৈ চলিব এই যাত্ৰা।মুখ্যমন্ত্ৰী শৰ্মাই গুপ্তেশ্বৰ মন্দিৰত প্ৰাৰ্থনা জনাই যাত্ৰা আৰম্ভ কৰে আৰু অসমৰ সকলো মানুহৰ আশীৰ্বাদ বিচাৰে। তেওঁ জনতা আৰু সমৰ্থকসকলক আহ্বান জনাই কয় যে আত্মনির্ভৰ, সুৰক্ষিত আৰু সমৃদ্ধ অসম গঢ়ি তুলিবলৈ লগতে চৰকাৰ পুনৰ গঠন কৰিবলৈ জনতাৰ সমৰ্থনৰ প্ৰয়োজন। বিগত সময়ছোৱাত চৰকাৰখনক সহযোগ কৰা বাবে অসমবাসীক কৃতজ্ঞতাও জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।বিজেপিৰ মতে, জন আশীৰ্বাদ যাত্ৰাৰ মূল উদ্দেশ্য হৈছে নাগৰিকৰ সৈতে সংযোগ স্থাপন কৰি জনতাৰ আশীৰ্বাদ লাভ কৰা।

Releated Posts

নাৰীক দেৱী, দুৰ্গা,কালী সজোৱা বন্ধ কৰক

নাৰীক দেৱী, দুৰ্গা,কালী সজোৱা বন্ধ কৰক সকলো নাৰীকে মানুহ বুলি ভাবক আপোনালোকৰ মুখত নাৰী শক্তি শব্দটো শোভা নাপায়…

ByByMahesh Malakar Apr 18, 2026

নিশা জুবিনক্ষেত্ৰত যুৱতীৰ অসভ্যালি, অভদ্ৰামি, উদ্ভণ্ডালি

নিশা জুবিনক্ষেত্ৰত যুৱতীৰ অসভ্যালি, অভদ্ৰামি, উদ্ভণ্ডালি পবিত্ৰ জুবিনক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে যুৱতীয়ে জুবিন গাৰ্গৰ পৱিত্ৰ স্থানত অভাব্য…

ByByMahesh Malakar Apr 18, 2026

জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু

জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু উৰুঙা ব’হাগৰ বিহু মঞ্চ আজি জুবিন দাৰ অনুষ্ঠান কত বুলি কবলৈ আমাৰ…

ByByMahesh Malakar Apr 14, 2026

আজি গৰু বিহু

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকোতাতোকৈ চেনেহৰ বহাগৰ বিহুটিনাপাতি কেনেকৈ থাকো আজি গৰু বিহু। পুৱাই নৈ-জান-জুৰিত গৰুক…

ByByMahesh Malakar Apr 14, 2026
Scroll to Top