• Home
  • অপৰাধনামা
  • অযোধ্যা, বাৰাণসী আছিল সন্ত্ৰাসবাদীৰ পৰৱৰ্তী লক্ষ্য
Image

অযোধ্যা, বাৰাণসী আছিল সন্ত্ৰাসবাদীৰ পৰৱৰ্তী লক্ষ্য

দিল্লীৰ বিস্ফোৰণক লৈ অব্যাহত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই জোৰদাৰ তদন্ত চলাই গৈছে৷

নিয়াৰ তদন্তত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য৷

জানিব পৰা মতে বিস্ফোৰণৰ পূৰ্বে দিল্লীৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছিল সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা আই-২০ বাহনখনে৷

ইপিনে তদন্তত ওলাই পৰিছে যে সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল অযোধ্যা, বাৰাণসী৷

অৱশ্যে চোৰাংচোৱাই সঠিক সময়ত সেই ষড়যন্ত্ৰৰ কথা ধৰা পেলাবলৈ সক্ষম হয়

মঙলবাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ প্ৰমাণ দি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক তদন্ত অৰ্পণ কৰে৷

ইয়াৰ পিছত এন আই এয়ে আৰক্ষী অধীক্ষক পদবী আৰু তাৰ ওপৰৰ জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত এটা দল গঠন কৰে৷ সূত্ৰ অনুসৰি, জইছ-ই-মহম্মদৰ সমৰ্থিত গোটে ২০০৮ চনৰ চ্ছযৰৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ দৰেই সমগ্ৰ দিল্লী, গুৰুগ্ৰাম আৰু ফৰিদাবাদত ধাৰাবাহিকভাৱে সমন্বিত আক্ৰমণৰ পৰিকল্পনা কৰিছিল৷

আনহাতে দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ। ৬ ডিচেম্বৰত ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীৰ। কুখ্যাত জইছ-ঈ-মহম্মদে ৰচিছিল বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা। বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধৰ বাবে ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। প্রথম পর্যায়ত জইছ-ঈ-মহম্মদ, আনছাৰ গজবাট উল হিন্দৰে এটা টীম গঠন কৰিছিল।

দ্বিতীয় পর্যায়ত বিস্ফোৰক সামগ্রী একত্ৰীকৰণ কৰা। তৃতীয় পর্যায়ত IED প্ৰস্তুত কৰি সংস্থাপনৰ স্থান পৰীক্ষণ কৰা। চতুর্থ পৰ্যায়ত কূটাঘাতকাৰীৰ হাতত বিস্ফোৰক সামগ্রী তুলি দিয়া। পঞ্চম পর্যায়ত বিস্ফোৰণ ঘটোৱা।NIAৰ তদন্তত উন্মোচিত কূটাঘাতকাৰীয়ে দিল্লী ধ্বংল কৰাৰ পৰিকল্পনা।

Releated Posts

পঞ্চভূতত বিলীন কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে

পঞ্চভূতত বিলীন কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে ৯২ বছৰ বয়সত মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ হৃদৰোগত আক্ৰান্ত হৈছিল আশা…

ByByMahesh Malakar Apr 13, 2026

পৱন খেড়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ

পৱন খেড়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ তেলেংগানা উচ্চ ন্যায়ালয়ে দিয়া অগ্ৰিম জামিনৰ বিৰুদ্ধে আবেদন তেলেংগানা উচ্চ…

ByByMahesh Malakar Apr 13, 2026

জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান

জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান ৯২ বছৰ বয়সত মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ হৃদৰোগত আক্ৰান্ত হৈছিল আশা ভোছলে…

ByByMahesh Malakar Apr 12, 2026

মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবীৰৰ

মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবীৰৰ মুছলমানক বুৰ্বক বনাই বিজেপিৰ সৈতে মিত্ৰতা হুমায়ুন কবীৰৰ দেশৰ মুছলমানক জোকাৰি যোৱা খবৰ…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top