• Home
  • অসম
  • আজি উদ্বোধন কৰা হ’ব ‘অন্ন সেৱা দিন’ আঁচনি
Image

আজি উদ্বোধন কৰা হ’ব ‘অন্ন সেৱা দিন’ আঁচনি

আজি উদ্বোধন কৰা হ’ব ‘অন্ন সেৱা দিন’ আঁচনি

আজি শংকৰদেৱ কলাক্ষেত্ৰত উদ্বোধন কৰা হ’ব ‘অন্ন সেৱা দিন’ আঁচনি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব এই আঁচনিখন।

আজিৰে পৰা ১৯ তাৰিখলৈ সুলভ মূল্যৰ দোকানৰ পৰা হিতাধিকাৰীয়ে আনিব পাৰিব সামগ্ৰীসমূহ।

১১৭ টকাত পাব ১ কেজিকৈ দাইল, চেনি আৰু নিমখ। ৰেচন কার্ড থকা হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা।

প্ৰতিমাহৰ ১-১০ তাৰিখলৈ সুলভ মূল্যৰ দোকানত পাব সামগ্রী সূমহ।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ চৰকাৰ সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ বাবে সমানে দায়বদ্ধ৷ আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ ‘বিশেষ অন্ন সেৱা দিন’৷ ইয়াৰ জৰিয়তে আমাৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী উপকৃত হ’ব৷ আজিৰ পৰা আৰম্ভ হোৱা এই বিশেষ দিনটি ১৯ নৱেম্বৰত সামৰণি পৰিব৷

আপোনালোকক কথা দিয়া ধৰণেই ৰেচন কাৰ্ডধাৰকসকলে আজিৰ পৰা মচুৰ দালি, চেনি আৰু নিমখ ৰাজসাহায্যযুক্ত দামত লাভ কৰিব পাৰিব৷ আমি বিশ্বাসী খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টি নিশ্চিতলৈ এই পদক্ষেপে সকলোকে লাভান্বিত কৰিব৷

Releated Posts

আজি হোলী পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ

আজি হোলী পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ অসমতো হ’ব দৃশ্যমান গ্ৰহণ আৰম্ভ হ’ব বিয়লি ২.১৪ মিনিটৰ পৰা আংশিক গ্ৰহণ আৰম্ভ হ’ব…

ByByMahesh Malakar Mar 3, 2026

জুবিন গাৰ্গ গোচৰ আৰু শ্য়ামকানু মহন্তৰ বেংক একাউণ্ট পুনৰাই খোলাৰ নিৰ্দেশ আদালতৰ

সোমবাৰে গুৱাহাটীৰ কামৰূপ মেট্ৰ’পলিটান আদালতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত আদালতে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিলে,…

ByByMahesh Malakar Mar 3, 2026

বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ

বিধানসভা নিৰ্বাচন সমাগত ।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনীতি ক্ষেত্ৰখনত ডাঙৰ খবৰ ।পুনৰ পুৰণি দললৈ ঘূৰি আহিবলৈ সাজু হৈছে।BTR ৰ এগৰাকী…

ByByMahesh Malakar Mar 2, 2026

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা।থিতাতে নিহত দুজন,আহত এজন।দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক জলাই দিলে ক্ষুদ্ধ ৰাইজে।মুকালমুৱাৰ হামলাকুৰত আজি দুপৰীয়া এক শোকাৱহ…

ByByMahesh Malakar Mar 1, 2026
Scroll to Top