জনজাতিৰ প্ৰমাণ পত্ৰকলৈ গোৰেশ্বৰত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সংগঠনটোৱে ট্ৰাইবেল ‘সংঘ গ’বেক’, ‘আমাক জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰক’ আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
আনকি, জনজাতিৰ প্ৰমাণ পত্ৰ অতিশীঘ্ৰে প্ৰদান নকৰিলে হাতত অস্ত্ৰ তুলি লোৱাৰো হুংকাৰ দিয়ে সংগঠনটোৱে। সেয়েহে চৰকাৰক অতিশীঘ্ৰে জনজাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সংগঠনটোৱে।