• Home
  • অসম
  • কামৰূপ মহানগৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ বিপৰীতে মুঠ ২৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল 
Image

কামৰূপ মহানগৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ বিপৰীতে মুঠ ২৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল 

কামৰূপ মহানগৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ বিপৰীতে মুঠ ২৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ৩৭ নং জালুকবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিদিশা নেওগ আৰু ভূমি অধিকাৰ পাৰ্টীৰ দীপিকা দাসে মনোনয়ন পত্ৰ দাখিল কৰে।৩৬ নং গুৱাহাটী চেণ্ট্ৰেলত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তা, অসম জাতীয় পৰিষদৰ কুংকি চৌধুৰী, আম আদমি পাৰ্টীৰ অনুৰূপা ডেকাৰজা, ভূমি অধিকাৰ পাৰ্টীৰ প্ৰবীণ জ্যোতি কলিতা, এ.আই.টি.চিৰ অভিজিত মজুমদাৰ, এ.আই.এফ.বিৰ বিপুল দেৱনাথৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী অচ্যুত কলিতাই মনোনয়ন পত্ৰ দাখিল কৰে।তেনেদৰে, ৩৫ নং নিউ গুৱাহাটী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ শান্তনু বৰা, আম আদমি পাৰ্টীৰ আদিত্য গগৈ,গণ সুৰক্ষা পাৰ্টীৰ চিন্ময়ী ভূঞা আৰু নিৰ্দলীয় প্ৰাৰ্থী কুশল কুমাৰ শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে ৩৩ নং দিছপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদ্যুৎ বৰদলৈ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী, আম আদমি পাৰ্টীৰ বল্লভ পাত্ৰৰ লগতে দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাস আৰু আয়ুস কুমাৰ সিংহই দাখিল কৰিছে মনোনয়ন পত্ৰ।আনহাতে, ৩৪ নং ডিমৰীয়া সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী ড০ তপন দাস আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱাৰ লগতে চাৰিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে নিতুল দাস, ভাস্কৰজ্যোতি শ‌ইকীয়া, প্ৰতিভা দাস আৰু কাবেৰী দাস টেৰণে মনোনয়ন পত্ৰ দাখিল কৰিছে। ২৪ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখ ২৬ মাৰ্চ। 

Scroll to Top