• Home
  • অপৰাধনামা
  • এক লজ্জাজনক ঘটনাই জোঁকাৰিছে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট, প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া নাবালিকা

এক লজ্জাজনক ঘটনাই জোঁকাৰিছে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট, প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া নাবালিকা

এক লজ্জাজনক ঘটনাই জোঁকাৰিছে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট।
প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া নাবালিকা।
ৰামচা পথাৰৰ জিৰ লাংছো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক খৰ্গেশ্বৰ বৰাৰ কু-কাণ্ড।

এইবাৰ ধৰ্ষণকাৰীৰ ৰূপত এগৰাকী প্ৰধান শিক্ষক। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী চকীৰ অন্তৰ্গত হাওৰাঘাটত সংঘটিত হয় এক লজ্জাজনক ঘটনা। খৰ্গেশ্বৰ বৰা নামৰ এজন শিক্ষকৰ কামনাৰ বলি হ’ল তেওঁৰ ঘৰত বনকৰা হিচাপে ৰখা এগৰাকী নাবালিকা। কণমানিজনীক পঢ়ুৱাৰ নামত ঘৰত ৰাখি কৰে এই জঘন্য কাম।

নাবালিকাগৰাকী পৰৱৰ্তী সময়ত চৰম যন্ত্ৰণা ভূগি শনিবাৰে নিশা অকস্মাত গুৰুতৰভাৱে অসুস্থ হৈ পৰে। পাছত পৰিয়ালৰ লোকে হাওৰাঘাটৰ প্ৰাথমিক চিকিৎসালয় লৈ যায় আৰু তাতেই এক পুত্ৰ সন্তান জন্ম দিয়ে নাবালিকাগৰাকীয়ে।

শিক্ষক এজনৰ এনে কু-কৰ্মৰ কথা বনজুইৰ দৰে বিয়পি পৰে হাওৰাঘাট অঞ্চলত। পিছে দুৰ্ভগীয়া পৰিয়ালে এতিয়া ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ। আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি খৰ্গেশ্বৰ বৰাক আটক কৰিছে। নাবালিকা ধৰ্ষণকাৰীৰ বিৰুদ্ধে এতিয়া আইনে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষণীয়।

Releated Posts

৭টা সমষ্টিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা

কাইলৈ বিধানসভা নিৰ্বাচন মনোনয়নৰ দাখিল অন্তিম দিন। অৱশেষত মনোনয়ন দাখিলৰ অন্তিম দিনাৰ পূৰ্বে প্ৰকাশ পালে কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী…

ByByMahesh Malakar Mar 22, 2026

তৃণমূল কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থীৰ তালিকা

তৃণমূল কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থীৰ তালিকা হাজো-শুৱালকুছি- ৰৌজি আহমেদ ( ফুনু দাস) মন্দিয়া- শ্বেৰমান আলী আহমেদ মধ্য গুৱাহাটী: অভিজিৎ…

ByByMahesh Malakar Mar 22, 2026

৭টা সমষ্টিত প্ৰাৰ্থিত্ব দি কংগ্ৰেছে প্ৰকাশ কৰিলে চতুৰ্থখন তালিকা

১১টা সমষ্টি ৰাইজৰ দলক এৰি ৭টা সমষ্টিত প্ৰাৰ্থিত্ব দি কংগ্ৰেছে প্ৰকাশ কৰিলে চতুৰ্থখন তালিকা জালুকবাৰী: বিদিশা নেওগ টংলা…

ByByMahesh Malakar Mar 21, 2026

ধুবুৰীৰ ঈদগাহত ১০ হাজাৰ লোকে আদায় কৰিলে ঈদৰ নামাজ

 আজি পৱিত্ৰ ঈদ উল ফিতৰ। বিশ্বৰ আন প্ৰান্তৰ দৰেই ধুবুৰীতো পৱিত্ৰ ঈদ উল ফিতৰ উৎসৱ উলহ-মালহেৰে পালন কৰা…

ByByMahesh Malakar Mar 21, 2026
Scroll to Top