• Home
  • অপৰাধনামা
  • এক লজ্জাজনক ঘটনাই জোঁকাৰিছে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট, প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া নাবালিকা

এক লজ্জাজনক ঘটনাই জোঁকাৰিছে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট, প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া নাবালিকা

এক লজ্জাজনক ঘটনাই জোঁকাৰিছে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট।
প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া নাবালিকা।
ৰামচা পথাৰৰ জিৰ লাংছো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক খৰ্গেশ্বৰ বৰাৰ কু-কাণ্ড।

এইবাৰ ধৰ্ষণকাৰীৰ ৰূপত এগৰাকী প্ৰধান শিক্ষক। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী চকীৰ অন্তৰ্গত হাওৰাঘাটত সংঘটিত হয় এক লজ্জাজনক ঘটনা। খৰ্গেশ্বৰ বৰা নামৰ এজন শিক্ষকৰ কামনাৰ বলি হ’ল তেওঁৰ ঘৰত বনকৰা হিচাপে ৰখা এগৰাকী নাবালিকা। কণমানিজনীক পঢ়ুৱাৰ নামত ঘৰত ৰাখি কৰে এই জঘন্য কাম।

নাবালিকাগৰাকী পৰৱৰ্তী সময়ত চৰম যন্ত্ৰণা ভূগি শনিবাৰে নিশা অকস্মাত গুৰুতৰভাৱে অসুস্থ হৈ পৰে। পাছত পৰিয়ালৰ লোকে হাওৰাঘাটৰ প্ৰাথমিক চিকিৎসালয় লৈ যায় আৰু তাতেই এক পুত্ৰ সন্তান জন্ম দিয়ে নাবালিকাগৰাকীয়ে।

শিক্ষক এজনৰ এনে কু-কৰ্মৰ কথা বনজুইৰ দৰে বিয়পি পৰে হাওৰাঘাট অঞ্চলত। পিছে দুৰ্ভগীয়া পৰিয়ালে এতিয়া ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ। আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি খৰ্গেশ্বৰ বৰাক আটক কৰিছে। নাবালিকা ধৰ্ষণকাৰীৰ বিৰুদ্ধে এতিয়া আইনে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষণীয়।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top