বিবাহিত পুৰুষৰ লগত এক সন্তানৰ মাতৃৰ পলাই আহি মন্দিৰত বিয়া, ধুবুৰী জিলাৰ উত্তৰ ৰায়পুৰত চাঞ্চল্য

বিবাহিত পুৰুষৰ লগত এক সন্তানৰ মাতৃয়ে পলাই আহি মন্দিৰত পাতিলে বিয়া। কিছুদিন পিছতেই তিতা কেৰেলাৰ দৰে হৈ পৰিল সেই প্ৰেম। ফেচবুকৰ প্ৰেমে ভাঙিলে সংসাৰ।

ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ দ্বিতীয় খণ্ড গাঁৱত এগৰাকী বিবাহিত মহিলাক এবছৰ পূৰ্বে ফেচবুকত প্ৰেম কৰি পলুৱাই আনি বিয়া কৰাই সংসাৰৰ নামত নিতৌ আতিসয্য চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ক্ষিতিন্দ্ৰ নাথ ৰায়ৰ পুত্ৰ ৰাজেশ কুমাৰ ৰায়ৰ বিবাহ বিচ্ছেদৰ গোচৰ আদালতত চলি থকাৰ মাজতে যোৱা বছৰৰ ৯ জুলাইত বিষখোৱা চতুৰ্থ খণ্ড গাঁৱৰ ফেচবুক প্ৰেমিকা জ্যোতিকা বৰ্মন ৰায়ক ঘৰত উঠাই লৈ গৈ আলোকঝাৰী মন্দিৰত বিয়া পাতে। উল্লেখ্য যে এটি সন্তানৰ মাতৃ জ্যোতিকাৰো পূৰ্বতে বিয়া হৈছিল পশ্চিমবংগৰ বক্সিৰহাটত। ফেচবুকৰ জড়িয়তে প্ৰেম কৰি মহিলাগৰাকীয়ে স্বামীক এৰি আহি বিয়া পাতে ৰাজেশ ৰায়ক।

জ্যোতিকাই অভিযোগ কৰে যে ৰাজেশে ভয়-ভাবুকি দেখুৱাই তেওঁক বিয়া কৰাই নিয়ে। বিয়াৰ পিছৰে নিশা মদ্যপান কৰি অত্যাচাৰ চলায় তেওঁক। তেওঁ লগত নিয়া তিনি ভৰি সোণ, নগদ পঞ্চাশ হাজাৰ টকা ৰাজেশে কাঢ়ি নিয়াৰো অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। আজি এই সন্দৰ্ভত মহিলাগৰাকীয়ে গোলকগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰে। পূৰ্বৰ বৈবাহিক সম্পৰ্ক আৰু নিজ সন্তান এৰি ফেচবুক প্ৰেমত মতলীয়া হৈ বুজাবুজিৰে গঢ়ি তোলা সম্পৰ্ক থানাৰ চৌহদ পোৱা ঘটনাই ৰাইজৰ মাজত ৰসালাপৰ সৃষ্টি হৈছে।