জাগীৰোডৰ এগৰাকী দুৰ্ভগীয়া বিধবা মহিলাৰ হিয়াভঙা কান্দোন

নিজৰ পাপ্য বিচাৰি মুখ্যমন্ত্ৰীক জনাইছে কাতৰ অনুৰোধ,, জাগীৰোডৰ এগৰাকী দুৰ্ভগীয়া বিধৱা মহিলাৰ হিয়াভঙা কান্দোন । নিজৰ পাপ্য বিচাৰি মুখ্যমন্ত্ৰীক জনাইছে কাতৰ অনুৰোধ ৷ হয়, অৰূপা পাঠক নামৰ জাগীৰোডৰ এইগৰাকী অসহায় বিধৱা মহিলা ৷ নিজৰ পাপ্য বিচাৰি কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘুৰি ভাগৰি পৰিছে মহিলাগৰাকী ৷ জাগীৰোডৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী আছিল ভুক্তভোগী মহিলা গৰাকীৰ স্বামী শিৱৰাম পাঠক ৷ ২০২৩ চনত চাকৰীৰ পৰা অৱসৰ গ্ৰহন কৰাৰ পিছৰে পৰা ৰোগাক্ৰান্ত হৈ পৰিছিল প্ৰয়াত পাঠক । অৱশেষত ২০২৪ চনৰ এপ্ৰিল মাহৰ ২২ তাৰিখে পাঠকে এই সংসাৰ ত্যাগ কৰে ৷ কিন্তু মৃত্যুৰ পিছত আজিলৈকে পেঞ্চনৰ ব্যৱস্থা হৈ নুঠিল চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালটোৰ ৷ ফলত পত্নী আৰু একমাত্ৰ পুত্ৰই জীৱন অতিবাহিত কৰি আহিছে যথেষ্ট অভাৱ অনাটনৰ মাজেৰে ৷ একমাত্ৰ পুত্ৰ সন্তানটিক পঢ়ুৱাবলৈও এতিয়া অপাৰগ হৈ পৰা বিধৱা মহিলা গৰাকী এইদৰে হুকহুকাই কান্দি উঠিল কেমেৰাৰ সন্মূখত ৷ অতি সোনকালে মহিলা গৰাকীক পেঞ্চনৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জানাইছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷