লংকাৰ নখুটি SBI চি এছ পি বেংকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
নখুটি বজাৰৰ আব্দুলাৰ SBI চি এছ পি বেংকৰ পৰা তিনি দুৰ্বৃত্তই দিন-দুপৰত লূতি নিলে ১০,০০০ টকা।
জানিব পৰা মতে, কালি আবেলি ২:২০ মান বজাত তিনি দুৰ্বৃত্তই এখন চাৰি চকীয়া বাহন বেংকৰ সম্মুখত ৰখাই এজন দুৰ্বৃত্ত বাহনখনৰ পৰা নামি আহি বেংকৰ ভিতৰলৈ প্ৰবেশ কৰে।।
তাৰ পিছত বেংকৰ কৰ্মচাৰীৰ হাতৰ পৰা ১০,০০০ টকা কাঢ়ি লৈ বাহনখনত উঠি তীব্ৰগতিত লংকা অভিমুখে পলায়ন কৰে।
এই ঘটনাৰ সম্পূৰ্ণ দৃশ্য বন্দী হৈছে বেংকৰ CC TV কেমেৰাত। ইপিনে এই ঘটনা সন্দৰ্ভত বেংক কৰ্মচাৰীয়ে নখুটি আৰক্ষী চকীত দাখিল কৰে এখন এজাহাৰ।