উৰুকাৰ আনন্দ উল্লাসৰ মাজতে দেৰগাঁৱত নৃশংস হত্যাকাণ্ড।

উৰুকাৰ আনন্দ উল্লাসৰ মাজতে দেৰগাঁৱত নৃশংস হত্যাকাণ্ড। পুত্ৰই হত্যা কৰিলে পিতৃক। দেৰগাঁৱৰ ভিতৰুৱা ৰাংঢালীৰ সমীপৰ থলকীয়াত সংঘটিত এই নৃশংস ঘটনা। পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি প্ৰাণ ল’লে পিতৃৰ।পুত্ৰৰ হাতত প্ৰাণ গ’ল তিলেশ্বৰ গগৈ নামৰ লোকজনৰ। পুত্ৰ সুৰেণ গগৈয়ে হত্যা কৰে পিতৃ তিলেশ্বৰ গগৈক। ইতিমধ্যে চোমনি গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পুত্ৰ সুৰেন গগৈক। সুৰাৰ বাবেই সংঘটিত হৈ এই হত্যাকাণ্ড। অভিযোগ অনুসৰি তিলেশ্বৰ গগৈ জড়িত আছিল অবৈধ চুলাই সুৰা তৈয়াৰ কৰাৰ লগত। সুৰাৰ বাবেই প্ৰায়েই পৰিয়ালৰ সৈতে কাজিয়াত লিপ্ত হৈছিল লোকজন।