উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ দ্বিতীয়জন শ্ৰমিকৰ মৃত্যু।

উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ দ্বিতীয়জন শ্ৰমিকৰ মৃত্যু। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে শ্ৰমিকৰ মৃতদেহটো। পুৱা উমৰাংছ’ৰ কালামাটিৰ লিজেন মগৰ নামৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰে অভিযানকাৰী দলে। বুধবাৰে উদ্ধাৰ হৈছিল নেপালৰ উদয়পুৰৰ গংগা বাহাদুৰ শ্ৰেষ্ঠৰ মৃতদেহ। আবদ্ধ আন শ্ৰমিকৰ জীৱনক লৈও শংকিত হৈ পৰিছে পৰিয়ালবৰ্গ। এতিয়াও কয়লাখনিত আবদ্ধ হৈ আছে আন ৭জন শ্ৰমিক। তেওঁলোক ক্ৰমে পশ্চিমবংগৰ জলপাইগুৰিৰ সঞ্জিত সৰকাৰ, গোসাঁইগাঁৱৰ চাৰ্পা বৰ্মন, দৰঙৰ দলগাঁৱৰ জাকিৰ হুছেইন, মোস্তাফা শ্বেখ, দৰঙৰ শ্যামপুৰৰ হুছেইন আলী, কোকৰাঝাৰৰ ফকিৰাগ্ৰামৰ খুছিমোহন ৰায়, আৰু শোণিতপুৰৰ পাণবাৰীৰ শৰৎ গয়াৰী।