আগমনি থানাৰ এক আকৰ্ষণীয় পদক্ষেপ দেখি গাড়ী চালকে উৎফুল্লিত আৰু ধন্যবাদ জ্ঞাপন কৰিছে।

সমগ্র অসমৰ পুলিচৰ লগতে আজি আগমনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকা আৰু ট্ৰাফিক ইনচাৰ্জ অশোক কুমাৰ সিংহৰ সহযোগত এক দুদিনীয়া বাহন চলাচলক লৈ সজাগতামূলক কাৰ্য্যসূচী হাতত লয়।

এই কাৰ্য্যসূচীত দুচকীয়া আৰু তিনিচকীয়া বাহনসমূহত ৰেডিয়াম ষ্টিকাৰ লগাই দিয়ে যাতে কুঁৱলীত যান-বাহন চলাওঁতে কোনোধৰনৰ দুৰ্ঘটনা সংঘটিত নহয় ।

দুৰ্ঘটনাৰ ওপৰত লক্ষ্য ৰাখি এইবাৰ অসমৰ প্ৰতিখন থানাৰ লগতে আজি আগমনী থানাৰ পুলিচে দুচকীয়া আৰু তিনিচকীয়া বাহনত ৰেডিয়াম ষ্টিকাৰ লগাই দিয়ে যাতে কুঁৱলীত গাড়ী চলাওঁতে লাইট মৰাৰ লগে-লগে গাড়ীখন দেখা পায় আৰু দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। আগমনী থানাৰ এই পদক্ষেপক ৰাইজে আঁদৰনি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে।