ৰাজ্য তথা বিটিএডি চৰকাৰে গাঁৱে – গাঁৱে খোৱা পানী যোগান ধৰাৰ নামত জে জে এম আঁচনিৰ জৰিয়তে কোটি কোটি টকা ব্যয় কৰাৰ সময়তে একাংশ দুৰ্নীতি পৰায়ণ বিষয়া তথা কৰ্মচাৰীৰ বাবে সম্পূৰ্ণ আঁচনিখন প্ৰহসনত পৰিণত হৈছে । শেহতীয়াভাৱে বিটিআৰ চৰকাৰৰ অধীনৰ তামুলপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত খন্দিকৰ বাৰিবন্দা পানী যোগান আঁচনিৰ কেন্দ্ৰত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰাপ্ত অভিযোগ অনুসৰি খোৱা পানীৰ যোগান উক্ত কেন্দ্ৰটোৰ দায়িত্বত আছে অঞ্চলটোৰে হৰেশ্বৰ বড়ো নামৰ এজন কৰ্মচাৰী । চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে দৈনিক দুবাৰকৈ অঞ্চলটোৰ ৰাইজক পানী যোগান দিব লাগে যদিও কৰ্মচাৰী গৰাকীয়ে সপ্তাহত এদিনহে পানী যোগান ধৰে । ইয়াৰ বিপৰীতে কৰ্মচাৰীগৰাকীয়ে দায়িত্বত থকা শাখা সহায়কজনক মেনেজ কৰি কৃষি ভূমিতহে পানী যোগান ধৰা দেখা গৈছে । হৰেশ্বৰ বড়োৱে খোৱা পানী ৰাইজক যোগান নধৰি এনেদৰে নিজৰ খেতিপথাৰৰ লগতে আন একাংশ কৃষককো ধনৰ বিনিময়ত এনেদৰে পানী যোগান ধৰাত প্ৰতিবাদমুখৰ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । নিজৰ মইমতালীৰে এনেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী কৃষিভূমিত যোগান ধৰা বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ সকলোৱে দাবী জনাইছে । এই ক্ষেত্ৰত তামুলপুৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা তথা মচলপুৰস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্য্যকাৰী অভিযন্তা সমীৰণ বৰুৱাই কি ব্যৱস্থা গ্ৰহণ কৰে সময়ত লক্ষ্যণীয় বিষয় ।
তামুলপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অদ্ভূত কাণ্ড । বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বৃহত্তৰ খন্দিকৰ অঞ্চল ।
![](https://sangbadlahar.com/wp-content/uploads/2024/12/WhatsApp-Image-2024-12-17-at-1.10.15-AM.jpeg)