অসমী আইৰ সুযোগ্য সন্তান, ভাৰতৰ লেজাৰমেনখ্যাত মানৱদৰদী ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত প্ৰতিষ্ঠানৰ বিশিষ্ট চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ দলে বিশ্বমানৰ অতি উন্নত প্ৰযুক্তি আৰু টেকন’লজিৰ সহায়ত এতিয়ালৈকে ২৫১ টাতকৈও অধিক কিডনী, মূত্ৰনলী, মূত্ৰথলী আৰু প্ৰ’ষ্টেট কেঞ্চাৰৰ লেপাৰ’স্ক’পিক অপাৰেশ্যন সফলতাৰে সম্পন্ন কৰিছে । এইসকলৰ মাজত দেশৰ বিভিন্ন উচ্চমানৰ চিকিৎসালয়ত ইউৰ’লজিৰ মাৰাত্মক কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে গৈ আশানুৰূপ ফল লাভ নকৰি উলটি অহা অসম তথা উত্তৰ-পূব ভাৰতৰ ৰোগীসকলকো সফলতাৰে অস্ত্ৰোপচাৰ কৰি এটি নিয়মিত জীৱন উপহাৰ দিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত আজি কিছুদিন আগতে বিশেষজ্ঞ চিকিৎসকৰ এটি দলে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে উন্নত থুলিয়াম ফাইবাৰ লেজাৰৰ সহায়ত দুয়োটা কিডনীত থকা কেঞ্চাৰ কিডনীৰ ভালে থকা অংশ অক্ষুণ্ণ ৰাখি, কিডনীলৈ প্ৰবাহিত তেজৰ নলী বন্ধ নকৰাকৈ, কেঞ্চাৰৰ টিউমাৰ সম্পূৰ্ণৰূপে আঁতৰাই আনি ৰোগীক এক সুস্থ জীৱন দিবলৈ সক্ষম হৈছিল। বৰ্তমান ৰোগীগৰাকী সম্পূৰ্ণ সুস্থ।
উত্তৰ-পূৰ্বাঞ্চলত ইউৰ’লজিকেল কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত একমাত্ৰ অগ্ৰণী প্ৰতিষ্ঠান উত্তৰ-পূব ভাৰতৰ প্ৰথম আৰু একমাত্ৰ কিডনী চিকিৎসালয় ইন্ষ্টিটিউট অব্ ইউৰ’লজি এণ্ড কিডনী ডিজিজেছত অত্যাধুনিক লেজাৰ, দক্ষ চিকিৎসকৰ দল আৰু বিশ্বমানৰ চিকিৎসাৰ ব্যৱস্থা উপলব্ধ। কিডনী, মূত্ৰনলী, মূত্ৰথলী আৰু প্ৰ’ষ্টেট কেঞ্চাৰৰ নিশ্চিত আৰু সুৰক্ষিত চিকিৎসাৰ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই ।