গীতে মাতে এটি জীপাল সন্ধিয়াত শুভ উদ্বোধন।
সোণাপুৰত সংযোজন এখন নতুন ধাবা। সোণাপুৰ যোগদলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মুকলি কৰা হয় ৰাণীৰ আখল ধাবা। দেওবাৰে সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে শুভ উদ্বোধন কৰা হয় ধাবা খন। উল্লেখযোগ্য যে অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ লগতে আন বহু সুস্বাদু খাদ্যৰ সোৱাদ অতি সুলভ মূল্যত দিবলৈ চেষ্টা কৰা হৈছে বুলি ধাবা খনৰ স্বত্বাধিকাৰী ৰাণী নেৱাৰে জানিবলৈ দিয়ে। আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা ধাবা খনত আছে শিশু সকলৰ বাবেও খেল ধেমালিৰ সামগ্ৰী। ধাবা খন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধনৰ পাছতে সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৰাণীৰ আখল ধাবাৰ স্বত্বাধিকাৰী গৰাকীয়ে।