আজি অসমৰ আগশাৰীৰ শৈক্ষিক ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনে কলেজ অৱ এডুকেশ্বন মৰিগাঁৱৰ চেমিনাৰ হলত এক গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰি এই বৰ্ষৰ শ্ৰেষ্ঠ কলেজ বঁটা প্ৰদান কৰে । পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ মূখ্য কাৰ্য্যবাহী বিষয়া পৰেশ বৈশ্যয়ে এই গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আঁতধৰাৰ লগতে কলেজ অৱ এডুকেশ্বনৰ শৈক্ষিক দিশৰ গুণগত মানদণ্ডৰ প্ৰশংসা কৰি কলেজ অৱ এডুকেশ্বনৰ অধ্যক্ষ ড০ ডলী বুঢ়াগোহাঁইক এই বঁটা প্ৰদান কৰে। বিশিষ্ট সাহিত্যিক,পণ্ডিত ড০ দয়ানন্দ পাঠকদেৱে পৰেশ বৈশ্য ফাউণ্ডেশ্যন নামৰ শৈক্ষিক ন্যাসৰ বিষয়ে সভাক অৱগত কৰি ভাষাৰ ইতিহাস আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ প্ৰক্ৰিয়াত শিক্ষকৰ ভূমিকা সম্পৰ্কে সাৱলীলভাৱে বক্তৃতা প্ৰদান কৰে। মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই পৰেশ বৈশ্য ফাউণ্ডেশ্যনক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে কলেজ অৱ এডুকেশ্বনৰ উত্তৰোত্তৰ কামনা কৰে । অনুষ্ঠানটোৰ অধ্যক্ষা ড০ ডলী বুঢ়াগোহাঁয়ে বঁটা গ্ৰহণ কৰি শৈক্ষিক ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনক ধন্যবাদ জনোৱাৰ লগতে কলেজ অৱ এডুকেশ্বনৰ এই জয়যাত্ৰাত যে অধ্যাপক -অধ্যাপিকাসকল, কৰ্মচাৰীবৃন্দৰ যথেষ্ট অৱদান আছে সেই কথা সকলোকে অৱগত কৰে।
সভাখনত কলেজ অৱ এডুকেশ্বনৰ পৰিচালনা সমিতিৰ সভাপতি বিশিষ্ট সাহিত্যিক, মনেশ্বৰ দেউৰীয়ে কলেজ অৱ এডুকেশ্বনৰ জন্মলগ্নৰ পৰা এই দীঘলীয়া ইতিহাসৰ বিষয়ে বক্তব্য আগবঢ়াই । সদৌ শেষত কলেজ অৱ এডুকেশ্বনৰ আভ্যন্তৰীণ গুণগত মান নিৰূপণ কোষৰ সমন্বয়ক ইমৰানুজ জাৰ্মান শ্বাহে শলাগৰ শৰাই আগবঢ়াই । এই সভাখনত কলেজ অৱ এডুকেশ্বনৰ পৰিচালনা সমিতিৰ সদস্য বিশিষ্ট লেখক, মৈৰাবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অংশুমান দাসৰ লগতে কলেজ অৱ এডুকেশ্বনৰ অধ্যাপক -অধ্যাপিকাসকল আৰু প্রায় দুই শতাধিক
ছাত্র-ছাত্রীয়ে সভাত অংশগ্ৰহণ কৰে ।