চতিয়াৰ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি ।

পদুম মগৰ নামৰ শিল্পীগৰাকীৰ হাতত প্ৰাণ পাই উঠিছে বিভিন্নধৰণৰ প্ৰতি-মূৰ্তি ।

চতিয়াৰ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি । প্ৰতি-মূৰ্তি তৈয়াৰ কৰাত ব্যস্ত এতিয়া শিল্পীসকল । চতিয়াৰ পদুম মগৰ নামৰ শিল্পীগৰাকীয়ে ৰাসৰ লগতে বিভিন্ন মঠ মন্দিৰত ব্যৱহাৰ হোৱা প্ৰতি মূৰ্তি তৈয়াৰ কৰি এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে অঞ্চলৰটোৰ সকলোৰে ৷ ৰাস মহোৎসৱ উপলক্ষ্যে এতিয়া চতিয়াৰ শিল্পীসকলৰো ভীষণ ব্যস্ততা পৰিলক্ষিত হৈছে । দিন-ৰাতি একাকাৰ কৰি চতিয়াৰ পদুম মগৰ নামৰ শিল্পীগৰাকীয়ে ৰাসত ব্যৱহাৰ হোৱা প্ৰতি মূৰ্তি তৈয়াৰ কৰি এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। যুৱ শিল্পীগৰাকীয়ে তৈয়াৰ কৰা ৰাসৰ লগতে মঠ মন্দিৰত ব্যৱহাৰ হোৱা প্ৰতি মূৰ্তিবোৰ বিশ্বনাথ,তেজপুৰ,গহপুৰ আদি স্থানলৈও নিয়া হৈছে।