বঙাইগাঁও জিলাৰ মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বঙাইগাঁও জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিৱেশন এদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে সম্পন্ন হয় । পুৱা ৯ বজাত পতাকা উত্তোলনেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয় । সন্থাৰ কেন্দ্ৰীয় সম্পাদক গোবিন্দ কলিতাই চৰকাৰে গ্ৰহণ কৰা কিছুমান আঁচনিৰ কথা উল্লেখ কৰি কয় যে, “শিক্ষক সকলক চৰকাৰে নাকি লগাব লাগে” এই কথাত শিক্ষকসকল লজ্জানত হয় । সন্থাৰ দাবীসমূহৰ প্ৰতি চৰকাৰে সঁহাৰি জনোৱা নাই, সন্থাই ৩০ দিনৰ ই য়েল বিচাৰিছে কিন্তু আজি পৰ্যন্ত
কাৰ্যকৰী কৰা নাই, শিক্ষকসকলৰ মূল সমস্যা NPSআঁতৰাই OPSৰ আওতালৈ আনিব লাগে, শিক্ষাসেতুত দিয়া টেৱলেটসমূহ উন্নত কৰিব লাগে । উচ্চতৰ মাধ্যমিকৰ লগতে বিভিন্ন মাধ্যমৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদসমূহ স্থায়ী কৰক । এমালগ্ৰেছনৰ নামত চৰকাৰে চক্ৰান্ত কৰি অপ্ৰাধিকৰণ বিদ্যালয়সমূহ চৰকাৰে ধ্বংসৰ যি প্ৰয়াস কৰিছে তাৰো বিৰোধীতা কৰে মাধ্যমিক শিক্ষক সন্থাই । শিক্ষাদানৰ উপৰিও শিক্ষকসকলক বিভিন্ন কামত ব্যৱহাৰ কৰাত পাঠদানৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিসাধন হয় । আজিৰ অধিবেশনত সন্থাৰ ফালৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি পূৰণ কৰিবলৈ আহ্বান জনায় । এই অধিৱেশনতে বিগত দিনৰ কাম কাজৰ পৰ্যালোচনাৰ অন্তত পুৰণা কমিটি ভংগ কৰি ছয়জনীয়া এখন নতুন কমিটি গঠন কৰে আৰু পিছলৈ সদস্য নিৰ্বাচিত কৰি কমিটিখন বৰ্ধিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অধিৱেশনত প্ৰায় দুই শতাধিক শিক্ষক- শিক্ষয়িত্ৰী উপস্থিত থকাৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোৱিন্দ কলিতা, ৰাজ্যিক সম্পাদক উৰ্মিলা বালা বুজৰবৰুৱা, মুখপাত্ৰ সম্পাদক পংকজ শৰ্মা, বঙাইগাঁও কৰ্মচাৰী পৰিষদ সমীল ৰায়, সম্পাদক, বঙাইগাঁও অধিবিদ্যা পৰিষদ আৰু অশোক কুমাৰ নাথ, ভাৰপ্ৰাপ্ত অধ্যক্ষ, মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে জিলাখনৰ মাধ্যমিক বিদ্যালয়ৰ মুৰব্বীসকল।