হাটশিঙিমাৰীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে বাছি ললে চৰম পন্থা ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আবু হাছান সেখে নিশা নিজ ঘৰতে চিপজৰী লৈ আত্মহত্যা কৰে । আত্মহত্যাৰ কাৰণ মানসিক চিন্তা বুলি বিভিন্নজনে ধাৰণা কৰিছে । সাংবাদিকগৰাকীয়ে দীৰ্ঘদিনৰ পৰাই এটা ব্যক্তিগত চেটেলাইট চেনেলত কৰ্মৰত আছিল । কিন্তু হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ আৰ বি বিভাগত টিউটৰ হিচাপে চাকৰি হোৱাত সাংবাদিকতাৰ পৰা অব্যাহতি লয় । সাংবাদিকগৰাকী সামাজিক কাম-কাজত জড়িত আছিল । জানিব পৰা মতে, আবু হাছান সেখে বৰ্তমানো গোৱালপাৰাত B.ed
অধ্যয়ন কৰি আছিল। কিন্তু হঠাতে তেওঁৰ এনে সিদ্ধান্তই অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে । ইতিমধ্যে খাৰুৱাবান্ধা আৰক্ষীৰ লগতে দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ পঠিওৱাৰ যো- জা অব্যাহত ৰাখিছে ।