মৰিগাঁৱত ব্যৱসায়ী সমাজৰ প্ৰতিবাদ । মৰিগাঁও নগৰত যাত্ৰীবাহী বাহন প্ৰৱেশত বাধা দিয়াক লৈ এই প্ৰতিবাদ ৷

মৰিগাঁও জিলাৰ মাজমজিয়াৰ পৰা মৰিগাঁও পৌৰসভাৰ, মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম চেম্বাৰ অব কৰ্মাচ মৰিগাঁও জিলা সমিতিয়ে ৷ শতাধিক ব্যৱসায়ীয়ে নিজৰ প্ৰতিষ্ঠান বন্ধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৭ টাকৈ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে পৌৰসভাৰ লগতে মৰিগাঁও আয়ুক্ত কাৰ্য্যালয়ত ৷ মৰিগাঁও মাজমজিয়াৰ পৰা যান- বাহনসমূহ স্থানান্তৰ কৰাৰ বাবে সুখী হয় যদিও বহুকেইটা দাবীও উত্থাপিত কৰে অসম চেম্বাৰ অব কমাৰ্চ মৰিগাঁও জিলা সমিতিয়ে ৷ লগতে অসম চেম্বাৰ অব কমাৰ্চ মৰিগাঁও জিলা সমিতিৰ জিলা
আয়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা অৱস্থাতে আয়ুক্ত কাৰ্য্যালয়ৰ ভিতৰলৈ প্ৰায় ৫ জনীয়া বিষয়ববীয়াই জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু জিলা আয়ুক্ত কাৰ্যালয় ফালৰ পৰা দাবীসমূহক লৈ আশ্বাস প্ৰদান কৰে ৷