“শ্ৰম আইন উলংঘা কৰা বিষয়টো পৰ্যবেক্ষণ কৰিব মন্ত্ৰী সঞ্জয় কিষাণে ।”- চাহ শ্ৰমিকৰ জীৱন সুৰক্ষা আৰু স্বাস্থ্য সুৰক্ষাক লৈ আই আই টিত অনুষ্ঠিত হোৱা উচ্চ পৰ্যায়ৰ সমাৱৰ্তনত এই মন্তব্য শ্ৰম মন্ত্ৰীগৰাকীৰ ।

আমিনগাঁওস্থিত আই আই টি গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় সন্মিলনখন অনুষ্ঠিত হয় । ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্রণালয়, অসম চৰকাৰৰ শ্ৰম বিভাগৰ উদ্যোগত এই সন্মিলনখন অনুষ্ঠিত হয় । সন্মিলনখন উদ্ধোধন কৰি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে শ্ৰমিকৰ জীৱন সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সা- সুবিধাৰ বিষয়ে আলোকপাত কৰে । নিজে এজন চাহ শ্ৰমিক, পৰিয়ালৰ লোক হিচাহে শ্ৰমিক কল্যাণৰ হকে সৰ্বতো
প্ৰকাৰে কাম কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী সঞ্জয় কিষাণে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৱৰ্তনখনিত উপস্থিত থাকে বিভাগীয় শীৰ্ষ বিষয়া, চাহ উদ্যোগৰে জড়িত শীৰ্ষ বিষয়াৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব কল্যাণ চক্ৰৱৰ্তী । চাহ শ্ৰমিকৰ সুৰক্ষা,স্বাস্থ্য আৰু সুস্থতাক লৈ ভাৰত চৰকাৰৰ এই দুদিনীয়া কাৰ্যসূচীত চাহ শ্ৰমিকৰ সুৰক্ষাৰ্থে বিভিন্ন বিষয়ত আলোচনা কৰা হয় । চাহ শ্ৰমিকে ভুগি অহা নানা সমস্যাৰ ক্ষেত্রতো বিষদভাৱে পৰ্যালোচনা কৰা হ’ব ৰাষ্ট্ৰীয় সমাৱৰ্তনখনিত । পিছে সমাৱৰ্তনত ভাগ লোৱা প্ৰতিনিধিয়ে এইদৰে ক্ষোভ উজাৰিলে সভাকক্ষৰ বাহিৰত।