আগমনি আৰক্ষীৰ বৃহৎ সফলতা, এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ ছটাকৈ চোৰাং গৰু।

আগমনি আৰক্ষীয়ে নিশা অভিযান চলাই অসম বংগ সীমান্তৱৰ্তী গোড় ঝাপুছাবাৰীৰ পৰা ছটা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, এটা গো মাফিয়া চক্ৰই বহি:ৰাজ্যৰ চোৰাং পথেৰে গোড় ঝাপুছাবাৰীলৈ চোৰাং গৰু সৰবৰাহ কৰি নদী পথেৰে বাংলাদেশলৈ গৰু চালান কৰি আহিছে । যোৱা নিশাও চোৰাং গৰু ব্যৱসায়ীৰ দলটোৱে দহটা চোৰাং গৰু গোড় ঝাপুছাবাৰীলৈ কঢ়িয়াই নিয়াৰ পথত ৰাইজে আটক কৰি আগমনি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে গো মাফিয়াৰ দলটোৱে চাৰিটা গৰু লৈ পলায়ন কৰে। পিছত আগমনি আৰক্ষী উপস্থিত হৈ ছটা গৰু জব্দ কৰিবলৈ সক্ষম হয় । চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আগমনি আৰক্ষীক খবৰ দিয়াত গো মাফিয়াৰ দলটোৱে গাওঁখনৰ আইজুল হকৰ গৃহত প্ৰৱেশ কৰি বিভিন্ন ভয় ভাবুকি প্ৰদান কৰে।
ঘটনা সন্দৰ্ভত আইজুল হকে আজি চোৰাং গো মাফিয়া গোড় ঝাপুছাবাৰীৰ আবু তাহেৰ আৰু পশ্চিমবঙ্গৰ ঝাউকুটিৰ আবেদ মণ্ডল, মফিজুল হক, ছাইদুল হকৰ বিৰুদ্ধে আগমনি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উল্লেখ্য যে, সীমান্তৱৰ্তী গোড় ঝাপুছাবাৰীৰে বাংলাদেশলৈ চোৰাং গৰু চালান হৈ থকাৰ পিছতো গোড় ঝাপুছাবাৰী আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উঠিছে ।