অসমত বিশেষকৈ আদিবাসীসকলৰ ভূমি অধিকাৰক লৈ প্ৰবঞ্চনা কৰি আহিছে চৰকাৰে ৷ পূৰ্বৰে পৰা বনাঞ্চলত বসবাস কৰা আদিবাসীসকলে এই পৰ্যন্ত পোৱা নাই ভূমি অধিকাৰ ৷ এতিয়াও ভূমি অধিকাৰ বিষয়ৰ ন্যাৰ্য্যতাক লৈ স্পষ্ট নহয় আদিবাসীসকল ৷ এক ধূসৰ ভৱিষ্যতৰ দিশে বনাঞ্চলত বসবাস কৰা আদিবাসীসকলক স্পষ্ট নিৰ্দেশনাও দিয়া নাই ৰজাঘৰীয়াই ৷ তথাপিও আদিবাসীসকলৰ শান্তিচুক্তিৰ আধাৰত বনাঞ্চলত বসবাস কৰা আদিবাসীসকলৰ ভূমি অধিকাৰক লৈ সন্নিৱিষ্ট হৈছে বিশেষ দফা ৷ সেই মৰ্মে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগে “বন অধিকাৰ ২০০৬ ” আইন ৰূপায়ণৰ বাবে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে পত্ৰ ৷ অনুৰোধৰ ভিত্তিত জাৰি কৰা পত্ৰত অদ্যাপি হোৱা নাই কাৰ্যকৰী ৷ আবেদন দাখিলৰো নাই স্পষ্ট নিৰ্দেশনা ৷ যাৰ ফলত আদিবাসীসকল হৈ পৰিছে কিংকৰ্তব্যবিমূঢ় ৷ যদিও আদিবাসীসকলৰ ভূমি অধিকাৰ বিষয়ক সুনিশ্চিত ভবিষ্যতৰ বাবে বিশ্বনাথ জিলা আয়ুক্তই প্ৰথমবাৰৰ বাবে মহকুমা কল্যাণ বিষয়ালৈ এক নিৰ্দেশনা জাৰি কৰে ৷ আদিবাসী জনগোষ্ঠীৰ বাবে ভূমি অধিকাৰ স্বীকৃতি বুলি উল্লেখ কৰা নিৰ্দেশনাত বন বিভাগ আৰু স্থানীয় জনগোষ্ঠী সমন্বয়ত বন অধিকাৰ সমিতি গঠনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে উল্লেখ আছে নিৰ্দেশনাখনত ৷ ইতিমধ্যে কাৰ্য ৰূপায়ণৰ সহযোগিতাৰ বাবে আদিবাসী উন্নয়ণ পৰিষদৰ সদস্য দীপেন নায়কৰ তৎপৰতাত জিলাখনত গঠন হয় ৫১ জনীয়া সদস্যভুক্তিৰে বিশ্বনাথ জিলা আদিবাসী ভূমি দাবী অধিকাৰ সুৰক্ষা সমিতি ৷ সুৰেশ পানতাতিক সভাপতি আৰু প্ৰবীন ওৰাঙক সম্পাদক হিচাবে লৈ গঠন হয় সমিতিখন ৷ বিভিন্ন প্ৰাসংগিক বিষয়ত আলোচনা কৰা সভাত জাতিৰ প্ৰমাণপত্ৰ বিষয়ক সমস্যা হিচাপে লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে আদিবাসী উন্নয়ণ পৰিষদৰ সদস্য দীপেন নায়কে ৷ চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি হিচাবে উল্লেখ থকা প্ৰমাণপত্ৰখন আদিবাসীসকলৰ পৰিচয় আৰু বৈশিষ্ট্যক হনন কৰা বুলি মতপোষণ কৰে ৷ এই জ্বলন্ত সমস্যাটোক লৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে নায়কে ৷ লগতে ২০০৬ চনৰ বন অধিকাৰৰ আইনৰ জৰিয়তে আদিবাসীসকলৰ ভূমি অধিকাৰ সাব্যস্ত কৰা হব বুলি সদৰি কৰে আদিবাসী নেতাগৰাকীয়ে ৷