চিকিৎসা সেৱাৰ নামত ৰাজ্যত আচলতে এতিয়া চলিছে কি ? প্ৰশ্ন সাধাৰণ জনতাৰ । ৰোগীৰ অজ্ঞতাৰ সুযোগ লৈ এতিয়া ডকাইতিৰ ৰূপত নামি পৰিছে ৰাজ্যৰ একাংশ চিকিৎসক । ৰাজ্যত পুনৰবাৰ প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যৰ একাংশ ডকাইতিৰূপী চিকিৎসকৰ কাণ্ডক লৈ । ওদালগুৰি জিলাৰ টংলাত সংঘটিত হৈছে এই ঘটনা । এগৰাকী গৰ্ভৱতী মহিলাই দীৰ্ঘদিন ধৰি টংলা আমতল চকৰ বৰা মছজিদৰ ওচৰত অৱস্থিত ব্যক্তিগত খণ্ডৰ Salutary multi speciality health clinicখনত চিকিৎসা গ্ৰহণ কৰি আহিছিল । প্ৰায় ৭ মাহ ধৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্ততঃ প্ৰতিবাৰে চিকিৎসকগৰাকীয়ে মহিলাগৰাকীক তেওঁৰ গৰ্ভত এটা সন্তানৰ অৱস্থিতিৰ কথা জনাই আহিছিল । কিন্তু আজি ভুক্তভোগী মহিলাগৰাকীয়ে পেটৰ বিষ অনুভৱ কৰাত পৰিয়ালৰ সদস্যসকলে টংলা ৰাজ্যিক চিকিৎসালয়ত
ভক্তি কৰোৱাই । কিন্তু কিছু সময় পিছত, সকলোকে আচৰিত কৰি মহিলাগৰাকীয়ে দুটা সন্তান জন্ম দিয়ে । এই ঘটনাৰ পিছতে Salutary multispeciality health clinic ত চিকিৎসা চলোৱা ৰুপম সৰকাৰ নামৰ চিকিৎসকগৰাকীৰ
বিৰুদ্ধে পৰিয়ালৰ লোক সৰৱ হৈ পৰিছে ।