ইং ৩১/১০/২৪ তাৰিখে সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ উদ্যোগত সোণাপুৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰবীন চৌধুৰীৰ ৯৪ সংখ্যক জন্ম দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় ৷ গীত ,মাত. আবৃত্তি.নৃত্যেৰে মনোমোহা অনুষ্ঠানটি পৰিচালনা কৰে সমাজকৰ্মী তথা সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি শ্ৰীৰূপেন চৌধুৰীয়ে ৷
কৃতি ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা জনোৱা সভাখনত মুখ্যঅতিথিৰূপে নিজস্ব বাকশৈলীৰে ধ্ৰুপদী অসমীয়া ভাষা প্ৰসাৰ, প্ৰচাৰ আৰু বিকাশৰ বাবে সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰি ঋষিকেশ গোস্বামীয়ে কয় যে, ভাষা এটাৰ প্ৰগতি আৰু গ্ৰহণযোগ্যতা তেতিয়াহে থাকে, যেতিয়া ভাষাটোৱে বিজ্ঞানযাত্ৰাৰে কৰ্ষণ হয় ৷ হয় পৰিশীলিত ব্যৱহাৰ ৷
বিশিষ্ট অতিথিৰূপে ড° নন্দ সিং বৰকলাই ভাষণ প্ৰসংগত উল্লেখ কৰে , “আমাৰ গুৰুদুজনা,কৃষ্ণ.গীতা,দুখন মহাকাব্যই আমাক দিয়া বিশাল মানৱীয় জীৱনশৈলীত ৰপ্ত মাটি চেতনাই পৃথিৱীৰ বুকুত আমাক অনন্য কৰি ৰাখিছে ৷ অসমীয়া ভাষাৰ স্বাভিমান অন্যান্য ভাষাৰ তুলনাত বৰেণ্য ৷ গোলকীয় জগতৰ ভোগবাদী জলবায়ুৰ গৰ্ভত আমাৰ অনেকে ভাষাটোক হেয় কৰাত ই অতীতৰ ৰং,ৰূপ হেৰুৱাইছে ৷ সংস্কৃত ভাৰতৰ প্ৰাচীন ধ্ৰুপদী ভাষা ৷ অথচ চৰ্চা আৰু ব্যৱহাৰহীনতাই সেই ভাষাটোক প্ৰায় বিকলাংগ কৰাৰ দৰে হৈ পৰিছে ৷ এনে প্ৰেক্ষাপটত আমাৰ ভাষাটোক গৰিমাময় কৰি ৰাখিবলৈ ব্যাপক চৰ্চ্চা,কৰ্ষণ,অধ্যয়ণ.অনুশীলনৰ দ্বাৰা অভিভাৱক,সমাজ সচেতনলোকৰ মাটিচেতনা দৃঢ় আৰু গৰিমাময় হ’লেহে আমাৰ ভাষাই ধ্ৰুপদী চৰিত্ৰ জীপাল কৰি ৰাখিব পাৰিব ৷”
অনুষ্ঠানত সাংবাদিক দেৱজিৎ ভূঞাই জাতীয় জীৱনক প্ৰাণৱন্ত কৰি ৰখাৰ হেতু ভূপেন হাজৰিকাৰ গীতৰ উল্লেখনেৰে জাতীয় জীৱনক চহকী কৰিবলৈ আহ্বান জনাই, আমাৰ মৰ্যদাই আমাৰ জাতীয় সাহ বুলি উল্লেখ কৰে ৷
৷