ঘিলামৰা নৰ্থ বেঙ্ক মহাবিদ্যালয়ত অৰাজক পৰিস্থিতি । ড° যুগল শইকীয়াৰ শোষণৰ পৰা মুক্তি বিচাৰি শিক্ষক, শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ ।

ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনত এতিয়া বিৰাজ কৰিছে এক অস্বাস্থ্যকৰ পৰিৱেশৰ ।

সীমাহীন সমস্যাত জৰ্জৰিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দ্বিতীয়খন মহাবিদ্যালয় ।

মহাবিদ্যালয়ৰ সমস্যাসমূ্হৰ সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ।

অধ্যক্ষগৰাকীক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো নলয় কোনো ব্যৱস্থা ।

কেৱল নিজৰ মইমতালিৰে সকলো সমস্যা আওকাণ কৰি এক প্ৰকাৰ মহাবিদ্যালয়খনক নিজ পৈত্ৰিক সম্পত্তিৰ
দৰে ৰাজত্ব চলায় থকাৰ অভিযোগ এইগৰাকী বিতৰ্কিত অধ্যক্ষৰ বিৰুদ্ধে ।

যাৰ ফলত অধ্যক্ষ ড° যুগল শইকীয়াৰ শোষণৰ পৰা মুক্তি বিচাৰি শিক্ষক, শিক্ষাৰ্থীসকল প্ৰতিবাদত বহিব লগাৰ
নিচিনা এক দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰ ফলত মহাবিদ্যালয়খনৰ গৰিমাত আঘাত লগাৰ উপৰিও অঞ্চলটোত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ।

ইফালে এই প্ৰতিবাদ কাৰ্যসূচীৰ উমান পায় অধ্যক্ষ ড° শইকীয়াই ততাতৈয়াকৈ এক সংবাদমেল আয়োজন কৰি
বিষয়সমূহৰ ওপৰত এক স্পষ্টীকৰণ দাঙি ধৰাৰো চেষ্টা কৰিছে ।

উল্লেখযোগ্য যে এইগৰাকী অধ্যক্ষ মহাবিদ্যালখনত যোগদান কৰাৰে পৰা ইতিমধ্যে কেইবাটাও বিতৰ্কত নাম সাঙুৰ খাই আহিছে বুলি জানিব পৰা গৈছে ।

এতিয়া শিক্ষক, শিক্ষাৰ্থীসকলৰ এই প্ৰতিবাদৰ পিছত এইগৰাকী “মই বৰ” অধ্যক্ষৰ আচৰণ কেনে হয় সেয়া হ’ব লক্ষণীয় ।