২০০৮ চনৰ ৩০ অক্টোবৰ । অসমৰ ইতিহাসৰ এক ক’লা অধ্যায় ।

গতানুগতিক জীৱন স্থবিৰ কৰি ৰৈ গৈছিল সময় । আজিৰ পৰা ১৩ বছৰ পূৰ্বে গুৱাহাটীৰ চৌদিশে লাগিছিল হুৱা-দুৱা । আজিৰ দিনটোতে গুৱাহাটী মহানগৰীৰ পানবজাৰ, ফাচী বজাৰ, গণেশগুৰিৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ,
বঙাইগাঁৱত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ । অভিশপ্ত ৩০ অক্টোবৰ । অসমৰ ইতিহাসৰ এক ক’লা অধ্যায় । এক ভয়ংকৰ বোমা বিস্ফোৰণত কঁপিছিল অসম । মুহূৰ্ত্ততে চিটিকি, উফৰি পৰিছিল বহুতৰে আপোনজন । ধাৰাবাহিক বোমা বিস্ফোৰণে কাঢ়ি নিছিল বহুতৰে সপোন, বহুতৰে জীৱন ।

২০০৮ চনৰ ৩০ অক্টোবৰ । অসমৰ বিদ্ৰোহী সংগঠন NDFB(ৰঞ্জন দৈমাৰী) গোটে সংঘটিত কৰিছিল এই ভয়ংকৰ কাণ্ড। নিৰীহৰ তেজেৰে ফাঁকু খেলিছিল NDFBয়ে । এই ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৮৮ জন লোকে । আনহাতে, বিস্ফোৰণে ঘূণীয়া কৰিছিল পাঁচ শতাধিক লোকক । অসমবাসীক নিষ্প্ৰাণ কৰি গৈছিল এই খবৰে । জীৱন্ত হৈও নিথৰ হৈছিল অসমবাসী । অসমীয়াই আজিও পাহৰিব পৰা নাই ৩০ অক্টোবৰৰ ক’লা অধ্যায় । অসমীয়াই নাপাহৰে বিদ্ৰোহী সংগঠনৰ এই জঘন্য কাণ্ড । সকলোৱে এতিয়াও বিচাৰে, দোষীয়ে উচিত শাস্তি পাওঁক । নিৰীহৰ তেজেৰে ফাকু খেলি এতিয়াও মুকলি আকাশৰ তলত মুক্ত মনেৰে উশাহ লোৱা অপৰাধীয়ে কিয় এতিয়াও শাস্তি পোৱা নাই, তাকে লৈ প্ৰতিগৰাকী অসমীয়াৰ মনত আছে এক ক্ষোভিত প্ৰশ্ন ? আমিও বিচাৰোঁ দোষীয়ে শাস্তি পাওঁক । নিৰীহৰ জীৱন কঢ়া বিদ্ৰোহী সংগঠনৰ সকলোৱে শাস্তি লাভ কৰক । এয়াই আমাৰ সকলোৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা । আজিৰ দিনটোতে জীৱন হেৰুওৱাসকলৰ আত্মাৰ সদগতি কামনা কৰিলোঁ।