উত্তৰ গুৱাহাটীত চোৰৰ ধাৰাবাহিক অভিযান ।
এইবাৰ ফুলুং উপস্বাস্থ্য কেন্দ্ৰত চোৰে চলালে লুটপাত ।
চিকিৎসালয়ৰ টিনপাত খুলি চোৰে লৈ গ’ল ৰোগীৰ পৰীক্ষা কৰা মেচিন ।
বহু মূল্যৱান সা-সামগ্ৰী নষ্ট কৰিলে চোৰে ।
চিকিৎসালয়ত সংলগ্ন চি চি টি ভি কেমেৰাত বন্দী চুৰি কৰাৰ সমগ্ৰ দৃশ্য ।
ইতিমধ্যে স্বাস্থ্য কেন্দ্ৰটিত কেইবাবাৰো চোৰে চলাই আহিছে লুটপাত ।
চোৰৰ উৎপাতত স্বাস্থ্য কেন্দ্ৰটো স্থানান্তৰৰ চিন্তা-চৰ্চা চলিছে বুলি জানিব পৰা গৈছে ।