অসমৰ নাথযোগী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে আজি সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদৰ দাবীত মৰিগাঁৱৰ সদৰ বিহুতলীত নাথযোগী সন্মিলনীৰ সমন্বিতে সাতটাকৈ ভাতৃ সংগঠনৰ সদস্যসকলে প্ৰতীক অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় । বিশেষকৈ ১১ টা বিশেষ বিশেষ দাবীত জিলাই জিলাই প্ৰতীক অনশন কাৰ্যসূচী ৰূপায়িত হোৱাৰ দৰেই মৰিগাঁও জিলাৰ অনশনস্থলীত উপস্থিত হয় নাথ যোগী জনগোষ্ঠীৰ মূল সংগঠন “অসম প্ৰাদেশিক যোগী সন্মিলনীৰ” কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰেন নাথৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ।