বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়াত মংগলবাৰে নিশা ৰাইজৰ সহযোগত আৰক্ষীয়ে তিনিটাকৈ গৰু চোৰক আটক কৰিবলৈ সক্ষম হয় । মাজদিয়া গাঁৱৰ ৩ নং সজাগতা ও সুৰক্ষা কমিটিৰ নৈশ পহৰাত আৰু মাজদিয়া আৰক্ষীৰ নৈশ তহলত আটক হয় তিনিটা গৰু চোৰ । ধৃত গৰু চোৰ তিনিটা নলবাৰী জিলাৰ সুৰাদী গাঁৱৰ ক্ৰমে আৰিফুল আলী, আমচেৰ আলী আৰু মহিদুল ইছলাম বুলি জানিব পৰা গৈছে । মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদৰ নেতৃত্বত নৈশ তহলত থকা কনিষ্টবল জাহিদুল ইছলামসহ এটি আৰক্ষীৰ দলে ৰাইজৰ সহযোগত চুৰি গৰু দুটা উদ্ধাৰ কৰে। আৰক্ষীয়ে গৰু চোৰ তিনিটাক আটক কৰাৰ লগতে এখন পালচাৰ বাইক আৰু চুৰি গৰু কঢ়িয়াই অনা বাহনখন জব্দ কৰি আৰক্ষী চকীলৈ লৈ আহে । চুৰি গৰু কঢ়িয়াই অনা AS-14AC-3231নম্বৰৰ মেজিক ভেনখন , গৰু চোৰৰ পৰা AS-14R-2916নম্বৰৰ পালচাৰ বাইক এখন আৰু তিনিটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে । উল্লেখ্য যে, ধৃত গৰু চোৰ তিনিটাই মংগলবাৰে মাজনিশা নলবাৰী জিলাৰ সুৰাদী গাঁৱৰ নুৰ ইছলাম নামৰ এগৰাকী ব্যক্তিৰ গোহালিৰ পৰা দুটা হালোৱা গৰু চুৰি কৰি বৰপেটাৰ কুকাৰপাৰত বিক্ৰীৰ বাবে লৈ আহি থাকোঁতেই বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়াত ৰাইজে আৱদ্ধ কৰে গৰু চোৰ তিনিটাক । গৰুচুৰি চক্ৰটোৱে তীব্ৰগতিত গাড়ী চলাই পহৰাৰ দায়িত্বত থকা পহৰাদাৰসকলক খুন্দিয়াই দিবলৈ উদ্যত হয় । গৰু চুৰি সম্পৰ্কত গৰুৰ গৰাকীয়ে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে । উক্ত এজাহাৰৰ ভিত্তিত নলবাৰী সদৰ থানাৰ উপ পৰিদৰ্শক লিটুমণি শৰ্মাৰ নেতৃত্বত এটি আৰক্ষীৰ দল মাজদিয়া আৰক্ষী চকীত উপস্থিত হৈ গৰুচোৰ তিনিটাৰ লগতে পালচাৰ বাইক এখন আৰু চুৰিগৰুসহ বাহনখন নলবাৰী সদৰ থানালৈ লৈ যায় । ধৃত গৰুচোৰ কেইটাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আৰক্ষীক আহ্বান জনাইছে ।