ডিগবৈত শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীৰ সফল সামৰণি ।

বিশিষ্ট সাংবাদিক এঞ্জেলা চাংমাই আৰু লোক সংস্কৃতিৰ গৱেষক ড°অনিল শইকীয়াৰ মনোগ্ৰাহী ভাষণে আকৃষ্ট কৰে উপস্থিত ৰাইজক । অসমীয়া মানুহ একেলগে বহিবলৈ শঙ্কৰদেৱে নামঘৰ সৃষ্টি কৰিলে । শঙ্কৰদেৱ আৰু মাধৱদেৱে শব্দৰ আপোচ কৰা নাছিল । শঙ্কৰদেৱ আৰু মাধৱদেৱে যি সাহিত্য সৃষ্টি কৰিলে সেইটো শিশু কৃষ্ণক লৈ । শঙ্কৰদেৱ আছিল সংগীৰ লজিষ্ট । ভৱিষ্যত শ্ৰষ্ঠা আছিল শঙ্কৰদেৱ । “পৃথিৱীৰ প্ৰথমজনা শিশু নিত্যকাৰ আছিল মাধৱদেৱ” বুলি ভাষণ প্ৰসংগত, শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱৰ মুকলি সভাৰ মুখ্য অতিথি অসমীয়া লোক সংস্কৃতিৰ গৱেষক,সাহিত্য নাটক একাডেমিৰ অন্যতম সদস্য ড°অনিল শইকীয়াই । আনগৰাকী বিশিষ্ট অতিথি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সেৱিকা,বিশিষ্ট সাংবাদিক এঞ্জেলা চাংমাইয়ে ভাষণত কয়, শঙ্কৰদেৱ আছিল এজন মনোবিজ্ঞানী । পৃথিৱীত হয়তু শঙ্কৰদেৱৰ দৰে এজন সমকক্ষ মহান গুৰু আছিল । কৃপালগুৰু শংকৰদেৱৰ আদৰ্শত আমি অসমীয়া সমাজ । ভক্ত শব্দটো শঙ্কৰদেৱে ব্যৱহাৰ কৰা নাছিল, কৰিছিল ভকত শব্দটোহে । শঙ্কৰদেৱে সৃষ্টি কৰা বৰগীত সংগীতৰ থেৰাপী হ’ব পাৰে বুলি উল্লেখ কৰে যুৱসাংবাদিক গৰাকীয়ে ।
ডিগবৈ ২নং বৰবিল সাৰ্বজনীন নামঘৰৰ ডেকাগিৰি ক্ষেত্ৰত মঙ্গলবাৰে অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম জয়ন্তীৰ মুকলি সভাৰ আঁত ধৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক অনিল কুমাৰ দত্তই আৰু সভাত পৌৰহিত্য কৰে জন্মোৎসৱ উদযাপন সমিতিৰ সভাপতি লক্ষীনন্দন গগৈয়ে । কণ্ঠশিল্পী মৌচুমী কোঁৱৰে এটি বৰগীত পৰিৱেশন কৰি সভাৰ মঙ্গলাচৰণ কৰে । ধনজিৎ বৈশ্যই সভা উদ্বোধন কৰাৰ পিছত ভক্তপ্ৰাণ ৰাইজক আদৰণি জনায় । তাৰ পাছতে ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি জিতেন দত্তই । সমাজৰ বাবে বিশেষ অৰিহণা আগবঢ়োৱা প্ৰাক্তন সভাপতি হিমাদ্ৰী শিখৰ দত্ত, পূৰ্ণানন্দ শইকীয়া,চিত্ৰলেখা বৰা আদিক সভাত ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় । গুৱাহাটীস্থিত সত্ৰীয়া নৃত্যৰ অন্যতম চৰ্চাকেন্দ্ৰ তালৰ শিল্পীসকলে সাংস্কৃতিক সন্ধিয়াত সত্ৰীয়া নৃত্যৰে জন্ম জয়ন্তীৰ পাঁচদিনীয়া কাৰ্য্যসূচী অন্ত পৰে ।