জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীত শিক্ষকৰ ৰূপত জাগীৰোড সমজিলাৰ আয়ুক্ত

জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীত শিক্ষকৰ ৰূপত এইবাৰ দেখা গ’ল জাগীৰোড সমজিলাৰ আয়ুক্ত হিদয় কুমাৰ দাসক।

অসম চৰকাৰৰ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীযূষ হাজৰিকাৰ পৃষ্ঠাপোষকতাত জাগীৰোড উচচতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত স্বৰ্গীয় শিশুৰাম হাজৰিকাৰ সোঁৱৰণত এখনি গ্ৰীষ্মকালীন পাঠদান কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। এই গ্ৰীষ্মকালীন পাঠদান কাৰ্য্যসূচীত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

আজি এই পাঠদান কাৰ্য্যসূচীত জাগীৰোড সমজিলাৰ আয়ুক্ত হিদয় কুমাৰ দাসে শিক্ষকৰূপে উপস্থিত হৈ জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰে৷

সমজিলা আয়ুক্তৰ এনে কাৰ্যক জাগীৰোড বাসীয়ে আদৰণি জনোৱা পৰিলক্ষিত হৈছে।